নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান
এপষেক নৌহওঁতেই পুনৰ মাৰ্ঘেৰিটাৰ পৰা দুজন যুৱক আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩নং মাকুম পথাৰৰ দুই যুৱক মহন্ত বৰুৱা আৰু বিকাশ ৰাজবংশী দুদিনধৰি নিৰুদ্দেশ হৈ আছে ৷ যুৱক দুজন আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে ।পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক নিৰুদিষ্টৰ সম্পৰ্কে অৱগত কৰিছে । একেটা অঞ্চলৰ ৰূপম খাখলাৰী নামৰ যুৱক কিছুদিনৰ পূৰ্বে আলফাত যোগদান কৰিছিল ।
লেখাপানী টিপংৰ স্বৰ্গীয় যোগেন বৰগোহাঁই পুত্ৰ অকন বৰগোহাঁইো আলফাত যোগদান কৰিছে । উল্লেখযোগ্য যে আলফা স্বাধীনে এক পক্ষীয় ভাবে যুদ্ধবিৰতি ঘোষণা কৰা পাছতো আলফা স্বাধীনত বৰ্তমানেও অব্যাহত আছে সদস্যৰ যোগদান প্ৰক্ৰিয়া ।
মাৰ্ঘেৰিটাৰ পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট