ৰাছিয়াৰ অভিযান সঠিক পথত আছে: পুটিনৰ দাবী

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে দাবী কৰিছে যে ইউক্ৰেইনত তেওঁৰ যুদ্ধ অভিযান সঠিক পথত আছে। এসপ্তাহৰ যুদ্ধত ৰাছিয়াৰ বাহিনীৰ সফলতাৰ পৰিমাণ সম্পৰ্কে সন্দেহৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মতামত আহিছে। পুটিনে ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াৰ সৈন্যসকলৰ “বীৰত্ব”ৰ প্ৰশংসা কৰিছিল। 

বৃহৎ আৰু শক্তিশালী ৰাছিয়ান বাহিনীয়ে এসপ্তাহত ইউক্ৰেইনৰ কেৱল এখন চহৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’বলৈ সক্ষম হৈছে। ৰাছিয়া চৰকাৰৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত ভাষণ দি ৰাষ্ট্ৰপতি পুটিনে কয় যে ইউক্ৰেইনত অভিযান সঠিক দিশত আগবাঢ়িছে।

পুটিনৰ ভাষণটো সম্প্ৰচাৰ কৰা হয়। পুটিনে ইউক্ৰেইনৰ বাহিনীক “নৱ-নাজী” বুলিও বৰ্ণনা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে যুঁজত ৰাছিয়াৰ সৈন্যই কৰা কাৰ্য্যৰ কিছুমান উদাহৰণ দিছে। তেওঁ কয় যে যুদ্ধত নিহত ৰাছিয়ান সৈনিকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া হ’ব। পুটিনে ইউক্ৰেইনৰ যুদ্ধত নিহত তেওঁৰ দেশৰ সৈনিকসকলক “ৰাছিয়াৰ নায়ক” বুলি অভিহিত কৰিছে। 

বুধবাৰলৈকে ইউক্ৰেইনত ইয়াৰ ৪৯৮ জন সৈনিক নিহত হৈছিল। ইউক্ৰেইন আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ প্ৰথম সৈনিক নিহত। দেশখনত আহতৰ সংখ্যা প্ৰায় ১,৬০০ । অৱশ্যে, ইউক্ৰেনৰ দাবী যে ৰুচ মৃত সৈনিকৰ সংখ্যা ৫০০০তকৈও অধিক।

Comments (0)
Add Comment