Daily Time Axom

কিংবদন্তী ক্ৰিকেটাৰ স্পিন বলৰ যাদুকৰ শ্বেন ৱাৰ্ণৰ আকস্মিক মৃত্যু

0 32

২২ গজৰ এজন মহনায়কে চিৰবিদায় মাগিলে এই পৃথিৱীৰ পৰা ৷ বিশ্বৰ সৰ্বকালৰ এগৰাকী মহান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ শুকুৰবাৰে থাইলেণ্ডত মৃত্যু ঘটিছে ৷ অষ্ট্ৰেলিয়াৰ মহান ক্ৰিকেটাৰজনে ৫২ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’ব লগা হয় ৷ ক্ৰিকেট জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ লেগ স্পিনাৰ ৱাৰ্ণে থাইলেণ্ডৰ কহ ছামুই নামৰ ঠাইত শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বেন ৱাৰ্ণৰ ব্যক্তিগত পৰিচালকে এক বিজ্ঞপ্তিযোগে এই কথা নিশ্চিত কৰিছে ৷

শ্বেন ৱাৰ্ণৰ মৃত্যৰ বাতৰি বিয়পি পৰাা লগে লগে সমগ্ৰ বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ মাজত শোকৰ ছাঁ দেখা যায় ৷

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ সকলৰ অন্যতম হিচাবে গণ্য কৰা হয় ৱাৰ্ণেক ৷ প্ৰায় ১৫ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ দপদপনি অব্যাহত ৰাখিছিল ৱাৰ্ণে ৷ কেৰিয়াৰৰ ১৫ বছৰ নিজৰ যাদুকৰী স্পিন বলেৰে প্ৰতিপক্ষক সন্ত্ৰসিত কৰি ৰাখিছিল শ্বেন ৱাৰ্ণে ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ৭০৮ টা উইকেট দখলেৰে নিজৰ নাম সোণালী আখৰেৰে লিখি গৈছে শ্বেন ৱাৰ্ণে ৷ মুট্টিয়া মুৰালীথৰনৰ পিছতে অভিলেখৰ তালিকাত নাম আছে ৱাৰ্ণৰ ৷

১৯৯৯ চনৰ বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়ান দলৰ শক্তিশালী সদস্য আছিল শ্বেন ৱাৰ্ণ ৷ ৱাৰ্ণৰ শক্তিশালী প্ৰদৰ্শনৰ বাবেই সেইবাৰ চেম্পিয়ন হৈছিল অষ্ট্ৰেলিয়া ৷ পৰৱৰ্তী সময়ত বিভিন্ন বিতৰ্কতো সোমাই পৰিছিল শ্বেন ৱাৰ্ণ ৷

Leave A Reply

Your email address will not be published.