বিজনীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

বিজনীৰ গাৰগাঁওস্থিত চিৰাং পলিটেকনিকৰ গেট আৰু বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন।

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত গাৰগাঁওস্থিত চিৰাং পলিটেকনিকৰ আন্তগাঠনি উন্নয়নৰ বাবে গেট আৰু বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। আন্তঃগাঠনি বিকাশ কাৰ্যসূচীৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটৰ অধিনত এক কোটি ৮৯ লাখ টকা ব্যয় সাপেক্ষে চিৰাং পলিটেকনিকৰ গেট আৰু বাউণ্ডেৰী ৱালৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ সদস্য ধনঞ্জয় বসুমতাৰী, ইউ পিপিএলত যোগদান কৰা বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰীসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment