বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা বন্ধ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে সেৱা অহা ১০ মাৰ্চলৈ বন্ধ হৈ থাকিব । বাৰ্ষিক মেৰামতিৰ বাবে বন্ধ ৰখা হৈছে এই সেৱা । প্ৰতি বছৰে পৰিচালনাৰ দায়িত্বত থকা কোম্পানীয়ে বছৰেকীয়া মেৰামতি কৰি অহাৰ উপৰিও সপ্তাহত এদিন কাৰিকৰী দিশ চোৱা-চিতা কৰে । পুৰ্বৰ সমীৰ দামোদৰ ৰ’পৱে’ৰ পৰিবৰ্তে ঊষা ব্ৰেকো কোম্পানীক দিয়া হৈছে এইবাৰ পৰিচালনাৰ দায়িত্ব । আৰম্ভণিৰ পৰা নিৰ্মাণ সংস্থা সমীৰ দামোদৰ ৰ’পৱে বাৰ্ষিক চুক্তিত এই ৰ’পৱে সেৱা চলাই আহিছিল । উল্লেখ্য যে বিগত বৰ্ষত ৰ’পৱেৰ নিয়মীয়া চোৱা-চিতাৰ পিছতো চলমান চকা ক্ষয় হোৱা ধৰিব পৰা নাছিল । কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা ৰ’পৱেৰ এই ঘটনা কৰ্তৃপক্ষই কণ্ট্ৰ’ল পেনেলৰ বিজুতি বুলিহে প্ৰচাৰ চলাইছিল । ৰ’পৱে সেৱা বন্ধৰ আঁৰত আছে আন এক গোপন ৰহস্য সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে । যাৰ বাবে ৰ’পৱে সেৱা বাৰ্ষিক মেৰামতিৰ বাবে ২৮ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১০ মাৰ্চলৈ ৰ’পৱে সেৱা বন্ধৰ চাইন ব’ৰ্ড আৰি টাৰ্মিনেলত সংবাদ মাধ্যমৰো প্ৰবেশ নিষেধ কৰিছে । যাতে সংবাদ মাধ্যমে ভিতৰ চ’ৰাৰ খবৰ প্ৰকাশ কৰিব নোৱাৰে । ২০০৭ চনত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তদানীন্তন গুৱাহাটী উন্নয়ন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱেৰ শিলান্যাস কৰিছিল ।
শিলান্যাসৰ পিছত কিছুদিন নীৰব হৈ পুনৰ ২০০৯ চনত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দুই পাৰে দুটা খুঁটা নিৰ্মাণ কৰি ব্যয় কৰিছিল ২৬ কোটি টকা । পিছে ব্লেক লিষ্টেট সমীৰ দামোদৰ ৰ’পৱে গুৱাহাটী দিশত স্থাপন কৰা খুঁটা নিৰ্মাণতে বেঁকা হৈ ওলমি থাকিল । পুৰাতাত্বিক সমলৰ ওপৰত আঘাত হনাৰ এক গোছৰ ৰুজুৰে বিষয়টি আদালতৰ মজিয়াত ওলমাই ৰখা হৈছিল । পৰবৰ্তী ২০১৮ চনত পুনৰ ৰ’পৱেৰ কাম আৰম্ভ কৰি ৫৬ কোটি টকা ব্যয়ৰে সমীৰ দামোদৰ নামৰ বহুজাতিক প্ৰতিস্থানটোৱে ২০২০ চনৰ ২৪ আগষ্টত মুকলি কৰে গুৱাহাটী ৰ’পৱে সেৱা । ৰ’পৱে সেৱা মুকলিৰ পিছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাতায়ত ব্যৱস্থাত কিছু সকাহ দিব বুলি আশা কৰা হৈছিল যদিও সাধাৰণ লোকৰ যাতায়ত ব্যবস্থাতে নহয় ব্যবসায়ীক দিশতো বিশেষ সফল নহ’ল এই ৰ’পৱে সেৱা । এতিয়া গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ তদাৰকত থকা(GMDA) বিভাগীয় বিষয়া অভিযন্তাৰ চৰম দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰীক গাপ দিয়াৰ বাবেই সমীৰ দামোদৰ প্ৰতিস্থানক বিদায় দি এইবাৰ অখ্যাত উষা ব্ৰেকো লিমিটেড কোম্পানীক ৰ’পৱে সেৱাৰ কাম-কাজ গতাই হাত সাৰিব বিচাৰিছে বুলি জনৈক বড়া উপাধিৰ এগৰাকী অভিযন্তাৰ বিৰুদ্ধে উঠিছে নানা অভিযোগ । কেইবাবাৰো ৰ’পৱে ব্যয়ৰ ওপৰত প্ৰশ্ন উঠাত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ নহওতেই সমাপ্ত হৈ আছে বুলিও উঠিছে ৰাইজৰ অভিযোগ। যাৰ বাবে ৰ’পৱেৰ সকলো দিশ সামৰি নিৰপেক্ষ তদন্ত হ’লে ৰৌ-বৰালি জালত পৰিব বুলি চৰ্চা চলিছে ।
চাংসাৰিৰ পৰা পঙ্কজ নাথৰ ৰিপৰ্ট ।