নিজৰ সপক্ষে ৰাছিয়াৰ যুক্তি থাকিলেও বিশ্বত আজিৰ তাৰিখত বিতৰ্কৰ শীৰ্ষত থকা নাম হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ৷ ইউক্ৰেনৰ সৈতে যুদ্ধৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে বিশেষকৈ ইউৰোপীয়ান বহু দেশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ এই নিষেধাজ্ঞাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্লেক বেল্ট প্ৰত্যাহাৰ কৰিলে ৱৰ্ন্ড টাইকোৱান্ডোৱে ৷ ২০১৩ চনত পুতিনক এই সন্মান আগবঢ়াইছিল ৱৰ্ল্ড টাইকোৱান্ডো সংন্থাই ।
টুইটাৰ বাৰ্তাযোগে সংস্থাটোৱে ৰাজহুৱা কৰিছে যে, “বিশ্ব টাইকোৱান্ডোৱে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ সেয়ে ৰাষ্ট্ৰপতি পুটিনৰ নৱম ডান ব্লেক বেল্ট প্ৰত্যাহাৰ কৰা হ’ব ৷”
সংস্থাটোৱে সদৰি কৰিছে, “ নিৰীহৰ জীৱনৰ ওপৰত নৃশংস আক্ৰমণ চলাই পুটিনে খেলৰ সন্মান হানি কৰাৰ লগতে সহনশীল মুল্যবোধকো হেয় কৰিছে ৷ পুটিনে টাইকোৱান্ডোৰ ব্লেকবেল্টৰ সকলো গুণ হেৰুৱাই পেলিইছে ৷ সেয়ে ২০১৩ত তেঁওক প্ৰদান কৰা টাইকোৱান্ডোৰ সন্মানসূচক ব্লেক বেল্ট প্ৰত্যাহাৰ কৰা হ’ব ৷”
টাইকোৱান্ডোৰ উপৰিও ইতিমধ্যে যুদ্ধপিপাসু ৰাছিয়াক আন্তৰ্জাতিক ফুটবল সংস্থা ফিফা আৰু ইউৰোপিয়ান ফুটবলৰ অভিভাৱক স্বৰূপ উৱেফাই ফুটবল জগতত নিষিদ্ধ ঘোষণা কৰিছে ৷