Daily Time Axom

আপুনি প্ৰতিদিনে আলু ভাজি খাই নেকি? ই শৰীৰৰ বাবে কিমান ক্ষতিকাৰক জানেনে ?

0 11

দৈনিক খাদ্যৰ বিভিন্ন ৰূপত আলু দেখা যায়। কিছুমানৰ বাবে আলু একমাত্ৰ প্ৰিয় পাচলি। আলু খোৱাৰ বহুতো লাভালাভ আছে আৰু লগতে অত্যধিক আলু খোৱাৰ কিছুমান কুপ্ৰভাৱ আছে।

১) যদিও আলু স্বাস্থ্যকৰ আৰু সুস্বাদু, ১০০ গ্ৰাম আলুত প্ৰায় ১১০ গ্ৰাম কেলৰি থাকে। অত্যাধিক কেলৰিৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হ’ব পাৰে।

২) আলুত যথেষ্ট কাৰ্বোহাইড্ৰেট থাকে। অত্যাধিক কাৰ্বোহাইড্ৰেটৰ ফলত ওজন বৃদ্ধি হোৱাৰ লগতে ডায়েবেটিচৰ সমস্যাও হয়।

৪) যদি কাৰ্বোহাইড্ৰেটৰ উপৰিও গ্লাইচেমিকৰ স্তৰ অধিক হয়, ডায়েবেটিচত আক্ৰান্ত হোৱাৰ আশংকা থাকে। আলুৰ গ্লাইচেমিক স্তৰ প্ৰায় ৮০। সেইকাৰণে চিকিৎসকসকলে ডায়েবেটিচত ভুগি থকা ৰোগীসকলক আলু খোৱাত বাধা দিয়ে।

৪) পোহৰৰ সংস্পৰ্শলৈ আহিলে, আলুত ‘গ্লাইকোলেট’ নামৰ এক প্ৰকাৰৰ আৱৰ্জনা সামগ্ৰীৰ জন্ম হয়। যদি কিছুমান আলুৰ বাকলিত সেউজীয়া ৰং দেখা যায়। এইটো প্ৰকৃততে ‘চোলানিন’ নামৰ এক ক্ষতিকাৰক বিষাক্ত পদাৰ্থ। আলুৱে এই ৰাসায়নিক পদাৰ্থবোৰ মুখ্যতঃ কীট আৰু অন্যান্য বীজাণুৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ প্ৰস্তুত কৰে। শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ সেউজীয়া আলু পৰিহাৰ কৰিব।

৫) সিজোৱা আলু শৰীৰৰ বাবে ভাল। কিন্তু আলু ভজাটো শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। তেলত আলু ভাজিলে এক প্ৰকাৰৰ ৰাসায়নিক যৌগ উৎপন্ন হয় যাক ‘এক্ৰিলামাইড’ বুলি কোৱা হয়, যি শৰীৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে। সপ্তাহত দুই বা ততোধিক দিন ভজা আলু খালে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হ’ব পাৰে।

Leave A Reply

Your email address will not be published.