পুনেৰ ১১,৪০০ কোটিৰ মেট্ৰ’ ৰে’ল প্ৰকল্প উদ্বোধন ৷ প্ৰথমটো টিকট কাটিলে প্ৰধান মন্ত্ৰী মোডীয়ে ৷
পুনেত নতুন মেট্ৰ’ ৰে’ল লাইনৰ ফ্লেগ অফ কৰি প্ৰথমটো টিকট কাটিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভানাজৰ পৰা গাৰবাৰে ছেকচন আৰু PCMC ৰ পৰা ফুগেবাডী ছেকচনলৈ নতুন মেট্ৰ’ ৰে’লৰ দেওবাৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰে ৷
প্ৰধান মন্ত্ৰী গৰাকীয়ে মেট্ৰ’ ৰে’লত ভ্ৰমণ কৰোতে মত বিনিময় কৰে একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে । মেট্ৰ’ ৰে’লত একাংশ শিক্ষাৰ্থীৰ সৈতে উঠা ফটো টুইটাৰতো আপলোড কৰে প্ৰধান মন্ত্ৰী মোডীয়ে ৷ মুঠ ৩২ কিঃমিঃ মেট্ৰ’ ৰে’লৰ ১২ কিঃ মিঃ ভ্ৰমণ কৰে প্ৰধান মন্ত্ৰীয়ে ৷


পুনেৰ এই মেট্ৰ’ ৰে’লৰ প্ৰকল্পটোৰ মুঠ খৰচ ১১,৪০০ কোটিতকৈয়ো অধিক ৷ ২০১৬ চনৰ ২৪ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোডীয়ে প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে । নিৰ্ধাৰিত সময়ত প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ বাবে সন্তষ্টি প্ৰকাশ কৰে মোডীয়ে।