Daily Time Axom

সঁচাকৈ এই বৌদ্ধ সন্ন্যাসী গৰাকীৰ বয়স ৩৯৯ বছৰ নেকি?

0 12

পৃথিৱীত বহুপ্ৰকাৰৰ ৰেকৰ্ড তৈয়াৰ কৰা হয়। বহুতো প্ৰতিষ্ঠান আছে যিয়ে প্ৰমাণৰ আধাৰত এই ৰেকৰ্ডবোৰ চিনাক্ত কৰে। ইয়াত পৃথিৱীৰ আটাইতকৈ বৃদ্ধ ব্যক্তিজনৰ নাম ৰেকৰ্ডত ভৰ্তি কৰিবলৈ সংশ্লিষ্ট ব্যক্তিজনৰ জন্মৰ প্ৰমাণপত্ৰ থাকিব লাগিব।

এগৰাকী বৃদ্ধ মহিলাৰ ফটো কিছু সময়ৰ পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই মহিলাগৰাকীৰ চকু গাতত সোমোৱা। শৰীৰৰ ছাল সম্পূৰ্ণ শুকান হৈ পৰিছে।

এইটো দাবী কৰা হৈছে যে তেওঁ পৃথিৱীৰ আটাইতকৈ বৃদ্ধ মহিলা! তেওঁৰ বয়স ৩৯৯ বছৰ।

বিশ্বাস কৰা কঠিন। কিন্তু বাস্তৱত, বিভিন্ন ছবিৰ ওপৰত আধাৰিত কৰি তেওঁৰ বয়স ৩৯৯ বছৰ বুলি কোৱা হয়। অৰ্থাৎ এই মহিলাগৰাকী যোৱা চাৰি শতিকা ধৰি জীয়াই আছে ! বহুতে কৈছে যে এই ছবিবোৰ এগৰাকী বৌদ্ধ সন্ন্যাসীৰ আছিল। 

ফটোবোৰ পৰীক্ষা কৰা হৈছিল আৰু দেখা গৈছিল যে দুয়োখন একেজন ব্যক্তিৰ ছবি আছিল।

এইটো নিশ্চিত কৰা হৈছে যে দুয়োটা প্ৰতিবেদনেই ভুৱা।

কিয়নো বৃদ্ধ মহিলাগৰাকীৰ বয়স একেবাৰে ৩৯৯ বছৰ নহয়। যদি এজন ব্যক্তি ৪০০ বছৰ জীয়াই থাকে, বিজ্ঞানীসকলে ইয়াৰ বিষয়ে কৌতূহলী হৈ গৱেষণা কৰিলহেতেন তেওঁ ৰ ওপৰত।

মস্কোৰ পদাৰ্থ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ গৱেষক পিটাৰ ফেডিচেভে কৈছে যে ঔষধ আৰু ভাল খাদ্যৰ সহায়ত এজন ব্যক্তিক স্বাস্থ্যৱান কৰি ৰখা হ’লেও বয়স কেৱল কেইবছৰমানহে বৃদ্ধি কৰিব পাৰি। চাৰিশ বছৰ অসম্ভৱ।

@auyary13 নামৰ এজন টিকটক ব্যৱহাৰকাৰীয়ে মহিলাগৰাকীৰ ফটো শ্বেয়াৰ কৰিছিল। তেওঁৰ প্ৰকৃত নাম লুৱাং ফো আই। তেওঁ এজন বৌদ্ধ সন্ন্যাসী। তেওঁৰ প্ৰকৃত বয়স ৩৯৯ নহয়, ১০৯ বছৰহে । তেওঁ থাইলেণ্ডত বাস কৰে আৰু বৰ্তমান তেওঁৰ বেছিভাগ সময় চিকিৎসালয়তে কটায়। আনকি এই বয়সতো, তেওঁ বেছিভাগ কাম নিজে কৰে। বৰ্তমান, বিশ্বৰ আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপে জাপানৰ কেন তানাকাৰ নামেৰে সন্নিৱিষ্ট কৰা হৈছে। তেওঁৰ বয়স ১১৯ বছৰ। ১৯০৩ চনৰ ২ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল।

Leave A Reply

Your email address will not be published.