Daily Time Axom

ইউক্ৰেইনৰ পৰা ভাৰতীয়ক উদ্ধাৰৰ প্ৰসংগত মোডী চৰকাৰক প্ৰশংসা জাভেদ আখটাৰৰ

0 40

কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিৰ মাজত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে কাম কৰি আছে। মিছন গঙ্গাৰ অধীনত এতিয়ালৈকে হাজাৰ হাজাৰ ভাৰতীয় সুৰক্ষিতভাৱে ঘৰলৈ উভতি আহিছে। এইবাৰ বলীউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰক মোডী চৰকাৰৰ উদ্যোগৰ প্ৰশংসা কৰা দেখা গৈছে। তেওঁ প্ৰায়ে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ আহিছে, কিন্তু এইবাৰ তেওঁ মুকলি প্ৰশংসা কৰিছে ৷

পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মঞ্চত চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি তেওঁক কোৱা দেখা গ’ল, “মই নিশ্চিত যে চৰকাৰে আমাৰ সন্তানসকলক সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছে। মোৰ কোনো সন্দেহ নাই যে চৰকাৰে সকলো আমাৰ ল’ৰাহঁতক দেশলৈ ঘূৰাই অনাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে আৰু ইয়াত চৰকাৰ সফল হ’ব। ‘

জনা গৈছে যে ইউক্ৰেইনৰ পৰা যোৱা ২৪ ঘণ্টাত ১৮ খন বিমান ভাৰতত উপস্থিত হৈছে। প্ৰায় ৪,৫০০ ভাৰতীয়ক এই বিমানখনে ঘূৰাই আনিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কৈছে যে এতিয়ালৈকে ৪৮ খন বিমানত মুঠ ১০,৩৪৮ জন ভাৰতীয়ক দেশলৈ ঘূৰাই অনা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিষয়টোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতি আছে।

Leave A Reply

Your email address will not be published.