দুই শিশু সন্তানকে ধৰি এটা পৰিয়াল চকুৰ সন্মুখতে নিহত হ’ল, ইউক্ৰেইনৰ কিয়েভৰ মেয়ৰৰ বৰ্ণনা ৷
ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা ওলাই অহাৰ পথত এটা ডাঙৰ বিস্ফোৰণ সংঘটিত কৰে। স্থানীয় কৰ্তৃপক্ষই দাবী কৰিছে যে বিস্ফোৰণটোত বহুলোক আহত হৈছিল। কিয়েভৰ মেয়ৰে এটা বিবৃতিত কয় যে চহৰ এৰি যোৱাৰ সময়ত পৰিয়ালৰ তেওঁৰ চকুৰ সন্মুখতে মৃত্যু হৈছিল।
এক বিবৃতিত তেওঁ এইদৰে কয় যে “মোৰ চকুৰ সন্মুখতে দুটা সৰু শিশু আৰু দুজন প্ৰাপ্তবয়স্কলোকৰ মৃত্যু হৈছে। বাতৰি কাকতত প্ৰকাশিত এখন ফটোত প্লাষ্টিকেৰে আৱৰি থোৱা মৃতদেহবোৰো দেখুওৱা হৈছে। তেওঁলোকৰ সন্মুখত এটা চুটকেচ আছে।”
কিয়েভৰ আঞ্চলিক সামৰিক প্ৰশাসনে আন্তৰ্জাতিক সংস্থাসমূহক বৰ্ধিত মানৱীয় সংকটৰ সন্মুখীন হৈ সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে। আৱেদনখনত কোৱা হৈছে, “ৰাছিয়াৰ আক্ৰমণৰ ফলস্বৰূপে, হাজাৰ হাজাৰ লোক স্বাভাৱিক জীৱনৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। কিছুমান এলেকাত, যোৱা পাঁচ-সাত দিন ধৰি পানী, খাদ্য, বিদ্যুৎ, চিকিৎসা নাই। তেওঁলোকে এক অসহায় অৱস্থাত বাস কৰি আছে কিয়নো তেওঁলোকৰ জীৱিকাৰ কোনো উপায় নাই। ”