Daily Time Axom

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ; গাড়ী সহ এজনক আটক

0 7

মদ ,ভাং,ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে মংগলবাৰে নিশা জামুগুৰি আৰক্ষীয়ে অঞ্চলটোৰ ডৌকাচাপৰি গাঁৱত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়। মংগলবাৰে নিশা ১১মান বজাত গাঁওখনৰ দাদুল বৰা নামৰ ব্যক্তিজনৰ ঘৰত এখন বাহনৰ পৰা নমাই থকা অৱস্থাত জামুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আঠ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ৷ লগতে ৰবিন টেৰাং নামৰ এজন লোকক আটক কৰাৰ লগতে AS-12-P-2284 নম্বৰৰ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। আটক কৰা লোক জনৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ পাভৈত বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে আটক কৰা লোক জনে বিশ্বনাথ চাৰিআলিৰ পাভৈত থকা এখন বৃহৎ সুৰা বিপনীৰ পৰা অৰুনচলী সুৰা সমুহ জামুগুৰিহাটত বিক্ৰীৰ বাবে আনিছিল। জামুগুৰি আৰক্ষীয়ে ৰবিন টেৰাঙৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰি তেজপুৰ জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷
(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট)

Leave A Reply

Your email address will not be published.