ৰাছিয়াৰ তেল, প্ৰাকৃতিক গেছ আৰু কয়লা আমদানিত নিষেধাজ্ঞা ঘোষণা কৰিলে আমেৰিকাই ৷ হোৱাইট হাউছৰ এই ঘোষণাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জু’ বাইডেনৰ ভৱিষ্যবাণী- ‘পুটিনৰ ইউক্ৰেইন জয়ৰ স্বপ্ন কেতিয়াও পূৰণ নহ’ব ৷’
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ ঘোষণাৰ পিছতেই ৰাছিয়াৰ ওপৰত আমেৰিকা আৰু আন পশ্চিমীয়া দেশ সমূহে এটাৰ পিছত আন এটা অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি আহিছে ৷ কিন্তু এই নিষেধাজ্ঞাই স্তব্ধ কৰিব পৰা নাই পুটিনৰ আক্ৰমণ ৷ কেৱল আমেৰিকান চৰকাৰেই নহয় ক’কাকোলা, পেপছি, মেকডোনাল্ড, লিভাইছ, নেটফ্লিক্স আদি বহুজাতিক কোম্পানীয়েও ৰাছিয়াৰ সৈতে সম্পৰ্ক ছেদ কৰিছে ৷
নিষেধাজ্ঞাৰ সমান্তৰালভাৱে ৰুচ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে আক্ৰমণাত্মক জু’ বাইডেন। জু’ বাইডেনৰ ঘোষণা- “ পুটিনে ইউক্ৰেইনত এখন বা দুখন চহৰ দখল কৰিব পাৰে, কিন্তু সমগ্ৰ ইউক্ৰেইনত কোনো দিনেই নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব ৰাছিয়াই । কাৰণ ইউক্ৰেইন এখন স্বাধীনতাপ্ৰেমী জনতাৰ দেশ ৷ আৰু এই আক্ৰমণৰ পৰিণাম কিমান গভীৰভাৱে ভুগিব লাগিব সেই কথা পুটিনে কল্পনাই কৰিব পৰা নাই ৷ ”
ৰাষ্ট্ৰ সংঘৰ তথ্যমতে, আজিৰ তাৰিখত কমপক্ষেও ২০ লাখ ইউক্ৰইনৰ নাগৰিকে হয় দেশ এৰিছে নহয় দেশ এৰি ইউৰোপীয় আন দেশত প্ৰৱেশৰ আশাৰে সীমান্তত মৰণ পণ ক্ষণ গণিছে ৷