Daily Time Axom

পঞ্জাৱত ১১৭ খন আসনৰ ৯২ খনেৰে আপে গঠন কৰিব চৰকাৰ ৷ ধৰাশায়ী কংগ্ৰেছ বিজেপি ৷ ৰণত পৰিল হেভীৱেইট বহু প্ৰাৰ্থী ৷

0 25

দিল্লীৰ ঝাড়ুৱে এইবাৰ অভিলেখ ৰচিলে পঞ্জাৱত ৷ আম আদমি পাৰ্টীৰ ঝাড়ুৰ লহৰত পঞ্জাৱৰ বিধান সভা নিৰ্বাচনত ধৰাশায়ী হ’ল কংগ্ৰেছ আৰু বিজেপি ৷ অৰবিন্দ কেজৰিৱালক আদৰি ল’লে পঞ্জাৱৰ জনতাই ৷ কংগ্ৰেছৰ হেভিৱেট প্ৰাৰ্থী নভজোত সিং সিদ্ধু, চৰণজিত সিং চান্নিও নিজৰ আসনত পৰাজিত হৈছে ৷ পৰাজিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, আকালি দলৰ প্ৰকাশ সিং বাদল আদি হাই প্ৰফাইল নেতা ৷ এক কথাত পঞ্জাৱত ৰাজনৈতিক চুনামী আনিলে আম আদমি পাৰ্টীয়ে ৷

অমৃতচৰত আপ কৰ্মীৰ ভাংৰা নৃত্য

দুপৰীয়াৰ ভাগতে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি সিদ্ধুৱে টুইট কৰি পৰাজয় স্বীকাৰ কৰি টুইট কৰে এইদৰে- “জনতাৰ কণ্ঠ স্বৰ, ঈশ্বৰৰ কণ্ঠস্বৰ ৷ পঞ্জাৱৰ জনগণৰ আদেশ আমি বিনম্ৰতাৰে মানি লৈছো ৷ আম আদমি পাৰ্টীলৈ অভিনন্দন…”

আজি পঞ্জাৱৰ ফলাফলত এটা কথা স্পষ্ট হৈ পৰে যে, পঞ্জাৱ কংগ্ৰেছ, শিৰোমণি আকালি দলৰ হেভীৱেইট প্ৰাৰ্থীক এজন এজনকৈ পোনপতীয়াভাৱে প্ৰত্যাখান কৰিছে পঞ্জাৱৰ জনগণে।

দিল্লীৰ ৰাজপথত আপ কৰ্মীৰ বিজয় উৎসৱ

পূৱ অমৃতচৰ সমষ্টিত আপৰ প্ৰাৰ্থী জীৱনজ্যোত কৌৰৰ হাতত পৰাস্ত হয় নৱজ্যোত সিদ্ধু ৷ আনহাতে এইবাৰ দুখন আসনত যুঁজিছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চৰণজিৎ চান্নি ৷ ভাদৌ নামৰ আসনখনত চান্নিয়ে আপৰ লাভ সিং উগোকিৰ হাতত পৰাস্ত হয়। চনকোৰ চাহিব আসনখনতো চান্নি পৰাস্ত হয় আপৰ প্ৰাৰ্থীৰ হাততে ৷

ভাগৱন্ত সিং মানক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰি ৰাজ্যখনত এইবাৰ আপে দেখুৱালে নিজৰ সামৰ্থ ৷ ভাগৱন্ত মান হ’ব পঞ্জাৱৰ আপ চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী ৷

১১৭ খন আসনৰ ভিতৰত ৯২ খন আসনতেই বিপুল জয়লাভ কৰে আপে ৷ মাত্ৰ ১৮ খন আসনহে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। একালৰ পঞ্জাৱৰ চালিকা শক্তি শিৰোমণি আকালি দলে লাভ কৰিছে মাত্ৰ ৪ খন আসন ৷

উত্তৰ প্ৰদেশত ক্ষমতা পুনৰ হাতত ৰাখিবলৈ সক্ষম হোৱা স্বতেও পঞ্জাৱত অতি বেয়াকৈ ধৰাশায়ী হ’ল বিজেপি আৰু মিত্ৰজোঁট ৷ মাত্ৰ ২ আসনতহে জনতাই লগ দিলে মিত্ৰ দল পঞ্জাৱ লোক কংগ্ৰেছসহ গেৰুৱা দলটোক। অনান্যৰ হাতলৈ আন দুখন আসন ৷

স্বাভাৱিকতে দিল্লীৰ পৰা পঞ্জাৱলৈ আপৰ এই উথানে দেশবাসীক ভাবিবলৈ বাধ্য কৰিছে দেশত পৰৱৰ্তী সময়ৰ বিজেপিৰ বিকল্প ৰূপে আম আদমি পাৰ্টীয়ে যাত্ৰা আৰম্ভ কৰিলেই নেকি ?

Leave A Reply

Your email address will not be published.