২০২০ চনৰ ১২ মে’ৰ পিছত আজি প্ৰথমবাৰৰ বাবে ক’ভিড শূণ্য হ’ল অসম
ৰাজ্যত ২০২০ চনৰ ১২ মে’ৰ পাছত আজি প্ৰথমবাৰলৈ দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামে। যোৱা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় ঢৌ আৰু যোৱা ডিচেম্বৰৰ শেষ ভাগত দেখা দিয়া তৃতীয় ঢৌৰ সমগ্ৰ সময়ছোৱাত প্ৰথমবাৰলৈ অসমত নতুনকৈ এগৰাকীও লোক ক’ভিড আক্ৰান্তৰূপে চিনাক্ত নোহোৱা দিন ৰূপে আজিৰ দিনটো পৰিগণিত হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনে আজি এটা ক’ভিডমুক্ত দিন পাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে সমগ্ৰ ৰাজ্যবাসীৰ লগতে সকলো চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকাকে ধৰি ক’ভিড বিৰোধী যুঁজ তথা ক’ভিড প্ৰতিষেধক প্ৰদানত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছে।
বৃহস্পতিবাৰে ৰাজ্যখনত এজনো ক’ভিড আক্ৰান্ত চিনাক্ত হোৱা নাই ৷ ক’ভিডত মৃত্যু হোৱা নাই এজনো লোকৰ ৷ সমগ্ৰ ৰাজ্যত মুঠ ১৭১৩ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ৷

Summary of 10/03/2022
Today’s Total 0
Overall Positivity Percentage (0 cases out of 1,713 test done = 0.00%)
Kamrup(M) 0
Death 0
Recovery Rate 98.89%
বৃহস্পতিবাৰে ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্য হোৱাটোক ক’ভিড বিৰোধী যুঁজৰ এইসকল সমুখ-সেনানীৰ বিগত দুবছৰ যোৰা ঐকান্তিক প্ৰচেষ্টাৰ সুফল বুলিও মন্ত্ৰী কেশৱ মহন্তই অভিহিত কৰে । উল্লেখ্য যে ৰাজ্যত ২০২০ চনৰ মাৰ্চত ক’ভিডৰ প্ৰথমটো ঢৌ আৰম্ভ হোৱাৰ পাছত সেইবছৰৰ ৩১ মাৰ্চৰ পৰা ক’ভিড পৰীক্ষা আৰম্ভ কৰা হৈছিল। সেই প্ৰথমটো ঢৌৰ আৰম্ভণি কালতে ২০২০ চনৰ ১২ মে’ত শেষবাৰলৈ অসমত দৈনিক চিনাক্ত হোৱা ক’ভিড আক্ৰান্তৰ সংখ্যা শূন্য হৈছিল যদিও ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় ঢৌ পৰ্যন্ত কেৱল আজিহে এই সংখ্যা শূন্যলৈ নমা দেখা গ’ল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক-দৰ্শন আৰু উদগণিত স্বাস্থ্য বিভাগে ৰাজ্যত ক’ভিডৰ বিৰুদ্ধে সফলতাৰে যুঁজিবলৈ সক্ষম হোৱা বুলিও স্বাস্থ্যমন্ত্ৰী মহন্তই দোহাৰে। ইয়াৰ বাবে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাক কৃতজ্ঞতা জনাই কয়, ‘ক’ভিডৰ প্ৰথমটো ঢৌৰ আৰম্ভণিৰ সময়ৰ পৰাই অসমে দেশৰ আন ৰাজ্যসমূহৰ তুলনাত অত্যন্ত ফলপ্ৰসূ আৰু সফল ভাৱে এই বিশ্বজোৰা অতিমাৰীৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ’ল। প্ৰাক্তন সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিচক্ষণতাৰ বাবেই অসমত আজি আমি ক’ভিড বিৰোধী যুঁজত আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছো।’