Daily Time Axom

ৰাছিয়াৰ যুদ্ধ বিমানে ইউক্ৰেইনৰ আকাশত আধিপত্য বিস্তাৰ কৰিব পৰা নাই কিয়?

0 10

ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ৰাছিয়াৰ বিমানক দেশখনৰ আকাশ সীমাত বিশ্বই ভবাৰ দৰে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই । চিএনএন-এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিষয়াসকলক এই বিষয়ে জনাইছে।  

বাতৰি অনুসৰি, ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ৰাছিয়াৰ যুঁজাৰু বিমানসমূহক যথেষ্ট পৰিমাণে বাধা দিবলৈ সক্ষম হৈছে।

অৱশ্যে, তেওঁলোকে লগতে সতৰ্ক কৰি দিছিল যে “উৎকৃষ্ট ৰাছিয়ান বায়ু সেনাই” ইউক্ৰেইনৰ প্ৰতিৰোধ প্ৰণালী ভাঙিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে কৈছে যে ৰাছিয়াৰ বিমানে বিমান বিৰোধী প্ৰণালীৰ বাবে ইউক্ৰেইনৰ আকাশ সীমা পৰিহাৰ কৰি আছে। এইটোৱে ইউক্ৰেইনৰ আকাশত ৰাছিয়াৰ বিমানৰ আধিপত্য হ্ৰাস কৰিছে।  

ৰাছিয়াই দিনে ১৫০ ৰ পৰা ২০০ খন বিমান পৰিচালনা কৰে। কিন্তু এইবোৰ অধিকাংশ সময় ৰাছিয়াৰ আকাশতহে ।

আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনক এণ্টি-এয়াৰক্ৰাফ্ট (লেণ্ড-টু-এয়াৰ) মিছাইল প্ৰদান কৰিছে। সেইকাৰণে ৰাছিয়াৰ পাইলটসকলে ইউক্ৰেইন আকাশত বিপদাশংকাৰ কথা জানে।  

অৱশ্যে, কিছুমান ৰাছিয়াৰ যুদ্ধবিমানে ইউক্ৰেইনৰ আকাশত আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ আকাশসীমাত নাছিল।

Leave A Reply

Your email address will not be published.