Daily Time Axom

শপত গ্ৰহণৰ পূৰ্বেই ১২২ জন ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ভগৱন্ত মানে

0 6

ইতিহাস ৰচি আম আদমী পাৰ্টিৰ নেতা ভগৱন্ত মানে শপত ল’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ৰূপে ৷ ১৬ মাৰ্চত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ আগতে ৰাজ্যখনৰ ১২২ জন ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰৰ পদক্ষেপ হাতত লৈছে । তালিকাখনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী, অকালি দল আৰু আনকি আপৰ প্ৰাক্তন বিধায়কসকলো অন্তৰ্ভুক্ত আছে।

মনে ১৬ মাৰ্চৰ দুপৰীয়া ভগত সিঙৰ গাওঁ খাটকাৰ কলনত শপত ল’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মানৰ সৈতে পঞ্জাৱ আৰক্ষীৰ ডিজি ভি কে ভাওৰাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। পঞ্জাৱ আৰক্ষীলৈ লিখা পত্ৰত তেওঁ তেওঁলোকক ৰাজ্যখনৰ ১২২ জন ভিআইপিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিবলৈ কয়।

আজি এই সন্দৰ্ভত জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি, তালিকাখনৰ বেছিভাগ নেতাই পঞ্জাৱ কংগ্ৰেছৰ। ইয়াৰ আগতে, কংগ্ৰেছ চৰকাৰে তেওঁলোকৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল । তালিকাখনত এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰা বহুতো প্ৰাক্তন মন্ত্ৰীৰ নাম অন্তৰ্ভুক্ত আছে । আন কিছু নেতা নিৰ্বাচনত জিকিছে কিন্তু এইবাৰ তেওঁলোকে মন্ত্ৰী হ’ব নোৱাৰে, তেঁওলোকৰো নিৰাপত্তা কৰ্তন কৰা হৈছে । প্ৰাক্তন অধ্যক্ষ বা বিধানসভাৰ উপাধ্যক্ষ কোনোৱেই আৰু নিৰাপত্তা লাভ নকৰিব। পূৰ্বতে ২১ জন সুৰক্ষা কৰ্মীয়ে ৰাজ্যৰ প্ৰাক্তন পৰিবহন মন্ত্ৰী অমৰিন্দৰ সিঙক নিৰাপত্তা প্ৰদানত ব্যস্ত থাকিব লগা হৈছিল। গুণৱন্ত মানৰ নিৰ্দেশত সেই নিৰাপত্তা উঠাই লোৱা হৈছে। পঞ্জাৱৰ প্ৰাক্তন বিত্ত মন্ত্ৰী মনপ্ৰীত বাদলৰ নিৰাপত্তা ১৯ জন নিৰাপত্তাৰক্ষী আছিল। মনপ্ৰীতো এইবাৰ ভোটত পৰাজিত হৈছে। তেওঁৰো নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছে। নৱজ্যোত সিং সিদ্ধুৰ পত্নী নৱজ্যোত কৌৰ সিদ্ধুৰো নিৰাপত্তাৰ দায়িত্বত থকা ৭ জন নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে ।

অৱশ্যে ভাগৱন্ত মানে বাকী নেতাসকলৰ নিৰাপত্তা উঠাই লোৱাৰ আঁৰত যুক্তি দৰ্শাই কয়, “নিৰাপত্তাৰক্ষীসকল নেতাসকলৰ ঘৰৰ সন্মুখত বহি আছে। আৰু আৰক্ষী থানাবোৰ খালী হৈ আছে। গতিকে আমি আৰক্ষীৰ কামৰ বোজা হ্ৰাস কৰিছো । কাৰণ পঞ্জাৱৰ ৩.৫ কোটি লোকৰ সুৰক্ষা আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ। ”

Leave A Reply

Your email address will not be published.