ইউক্ৰেইনৰ মাৰিঅ’পল চহৰ দখল কৰি ৰাছিয়াই নিযুক্তি দিলে নতুন মেয়ৰ ৷

ৰাছিয়াই দক্ষিণ ইউক্ৰেইনৰ মাৰিঅ’পল চহৰৰ দখল কৰিছে ৷ ৰাছিয়াৰ আক্ৰমণত ২১৭০ জন লোক নিহত হৈছে ৷ চহৰখনৰ মেয়ৰ জনক ৰাছিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি মতে এজন নতুন মেয়ৰ পূৰ্বৰ মেয়ৰৰ ঠাইত দায়িত্ব দিয়া হৈছে ৷ পূৰ্বৱৰ্তী মেয়ৰজন সন্ধানহীন হোৱাৰ এদিনৰ ভিতৰতে নতুন মেয়ৰক দায়িত্বত ৰখা হৈছে ।

ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ হোৱাৰ দুদিন পিছত ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ৰাছিয়াৰ সামৰিক বাহিনীয়ে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চহৰখন দখল কৰে। শুক্ৰবাৰে আবেলি চহৰখনৰ মেয়ৰ ইভান ফেডোৰভক ৰাছিয়াৰ সৈন্যই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰতিবেদনঅনুসৰি, শুকুৰবাৰে আবেলি মাৰিঅ’পলৰ মেয়ৰ ইভান ফেডোৰভৰ নিৰুদ্দেশ হোৱাৰ পিছত শনিবাৰে স্থানীয় টিভি পৰ্দাত নগৰ পৰিষদৰ এগৰাকী প্ৰাক্তন ডেপুটি গালিনা ডানিলচেঙ্কো উপস্থিত হয়।
টেলিভিছনত দিয়া ভাষণত ডানিলচেঙ্কোৱে কয় যে তেওঁ চহৰখনৰ প্ৰশাসনিক কাৰ্যকলাপ সম্পাদন কৰিবলৈ “জনসাধাৰণৰ ডেপুটিসকলৰ সমিতি” গঠন কৰাৰ প্ৰস্তুতি চলাই আছে। একে সময়তে, চহৰখনৰ বাসিন্দাসকলক “উগ্ৰপন্থী কাৰ্যকলাপ”ত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনোৱা হৈছে।

Comments (0)
Add Comment