Daily Time Axom

যুদ্ধ! আমেৰিকাই ৰাছিয়াৰ পৰা ঘূৰাই নাপাব ১২ হাজাৰ কোটি ডলাৰ ৷ ৰাছিয়াত বিনিয়োগকাৰী পশ্চিমীয়া বেংকৰ হাহাকাৰ ৷

0 5

পৰিমাণটো ১২,০০০ হাজাৰ কোটি ডলাৰতকৈয়ো অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া বিশ্বৰ নিষেধাজ্ঞাৰ বাবে সংশ্লিষ্ট দেশসমূহৰ বেংকসমূহে বৰ্তমান ৰাছিয়াৰ পৰা ধন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নে নাই তাক লৈ বৃহৎ অলিশ্চয়তা সৃষ্টি হৈছে। আনকি ৰাছিয়াৰ মাটিত তেওঁলোকৰ বিভিন্ন স্থাৱৰ সম্পত্তিও জব্দ হোৱাৰ আশংকা আছে।

২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পিছত ৱাশ্বিংটনে ভ্লাদিমিৰ পুটিনৰ দেশৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে বিত্তীয় নিষেধাজ্ঞা আৰোপ কৰা আৰম্ভ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিনিয়োগ বেংক গোল্ডমেন ছাক্সে বৃহস্পতিবাৰে কয় যে, ই বিত্তীয় নিষেধাজ্ঞাৰ পথ অনুসৰণ কৰি ৰাছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক কৰ্তন কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহেও এই পথত ল’বলৈ সিদ্ধান্ত লৈছে। গোল্ডমেন চাক্সে সেই দেশৰ ৰাছিয়ান চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা ১০ বিলিয়ন ডলাৰ বা ১০০০ নিযুত ডলাৰ পাব লগা আছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মতে, যদি সিদ্ধান্তটো কাৰ্যকৰী হয়, সংশ্লিষ্ট বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে ৰাছিয়াৰ পৰা ১২হাজাৰ কোটি ডলাৰ ঋণী।

ইফালে, পশ্চিমীয়া দেশসমূহৰ সৈতে হাত মিলাব নোৱাৰা স্বত্বেও চীনে এতিয়া নিজকে আৰ্থিকভাৱে সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰিছে। তেওঁলোকে দৈনন্দিন ব্যৱসায়ৰ ক্ষেত্ৰত ৰুবেলৰ তাৰতম্যৰ পৰিসৰ আগৰ তুলনাত ১০ শতাংশ বৃদ্ধি কৰিছে।

ইফালে পশ্চিমীয়া দেশবোৰে চুইফ্টৰ তালিকাৰ পৰা বহুতো ৰাছিয়ান বেংকৰ নাম কৰ্তন কৰাৰ পিছত ৰুবেলৰ মূল্য বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.