ৰাছিয়াক উভতি ধৰিবলৈ সাজু হৈছে পশ্চিমীয়া দেশসমূহ, শীঘ্ৰেই নাটোৰ জৰুৰী বৈঠক ৷ জো বাইডেনে ভ্ৰমণ কৰিব ইউৰোপ ৷
দিন যোৱাৰ লগে লগে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ প্ৰভাৱ অধিক বেয়াৰ দিশে যোৱা পৰিলক্ষিত হৈছে । মস্কোৱে কিয়েভ দখল কৰিবলৈ অলপহে বাকী। পৰিস্থিতিৰটোৰ গুৰুত্ব বিবেচনা কৰি, নাটোৱে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে অহা সপ্তাহত ইউৰোপ ভ্ৰমণ কৰিব।
ইউক্ৰেইন নাটোৰ সদস্য নহয়। কিন্তু ইউক্ৰেইনত পুটিনৰ আক্ৰমণৰ কেন্দ্ৰ বিন্দু হৈছে কিয়েভ-নাটো ঘনিষ্ঠতা। এয়াই বাৰ্লিনৰ অভিযোগ। নাটোৱে এতিয়ালৈকে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ সহায় কৰাৰ বাহিৰে আন কোনো পদক্ষেপ লোৱা নাই। এই পৰিপ্ৰেক্ষিতত নাটোৱে এইবাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিব । নাটোৰ সদস্য দেশসমূহে অহা সপ্তাহত বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে একে সময়তে ইউৰোপ ভ্ৰমণ কৰিব বুলি বিতৰি প্ৰকাশ হৈছে। যদিও দিনটো এতিয়াও ঠিক হোৱা নাই, বাইডেনে অহা সপ্তাহৰ আৰম্ভণিতে ইউৰোপ ভ্ৰমণ কৰিব পাৰে।
ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ৰাছিয়াৰ লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। “মই সেই সকলো ৰাছিয়াৰ বাসিন্দাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো যিসকলে প্ৰতিবাদ কৰিবলৈ ভয় কৰা নাই । ”
এই পৰিস্থিতিত দুটাই প্ৰশ্ন উদ্ভৱ হৈছে যে, ইউক্ৰেইনক সামৰিক সাহায্য প্ৰদানৰ বিষয়ে বিশেষ নাটো বৈঠকত কোনো সিদ্ধান্ত লোৱা হ’ব নেকি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ ইউৰোপ ভ্ৰমণে যুদ্ধৰ পৰিস্থিতি সলনি কৰিব নেকি? এতিয়া পৃথিৱীখন এই দুটা প্ৰশ্নৰ সন্মুখত আছে।