আমিৰ খানে নিজৰ সুৰাসক্ত অতীতক লৈ অনুশোচনাত ভুগিছে ৷ শেহতীয়াভাৱে এই লৈ ৰাজহুৱাকৈ মন্তব্যও কৰিছে । আমিৰ খানে মল্তব্য কৰিছে যে, বহুলোকে এপেগ বা দুপেগ খায়েই সন্তুষ্ট হয় ৷ কিন্ত মই ’এনেকুৱা একেবাৰেই নাছিলো ৷ এবাৰ খোৱা আৰম্ভ কৰিলে শেষ কৰাৰ নাম নলৈছিলো ৷ সদায়েই মদ্যপান কৰা নাছিলো যদিও যি কেইদিন কৰিছিলো অৱস্থা বেয়া হৈ গৈছিল। ”
পিছত সময় থাকোতেই আমিৰ খানে বুজি পালে যে, সুস্থ হৈ থাকিবলৈ হ’লে এই অভ্যাস ত্যাগ কৰিব লাগিব ৷ নিজৰ লগতে এক প্ৰতিজ্ঞা কৰিলে ৷ তাৰ পিছত সেই প্ৰতিজ্ঞা ৰক্ষা কৰি তাৰ পিছত কোনোদিন সুৰা মুখত দিয়া নাই আমিৰ খানে ৷
অলপতে ৫৭ বছৰত ভৰি দিছে আমিৰে ৷ তেতিয়াই এক সাক্ষাৎকাৰত তেঁও কয়, “এটা দিন আছিল যে, একে বহাতে এটা মদৰ বটল শেষ কৰি দিছিলো ৷ বয়স হোৱাৰ লগে লগে বুজি পালো যে, সু-স্বাস্থ্যৰে থাকিবলৈ হ’লে সুৰা এৰিবই লাগিব ৷ নিচাত ডুবি থাকিলে এনে কিছু অবাঞ্চিত কাম কৰা যায় যাৰ বাবে পিছত বহুত আক্ষেপ কৰিবলগীয়া হয় ৷ মই সেয়া হ’ব খোজা নাছিলো। ”
নিজৰ ৫৭ তম জন্ম দিনত সাক্ষাৎকাৰত নিজৰ বিবাহ বিচ্ছেদ, পৰিয়াল আদি ব্যক্তিগত বিষয়ত বহু কথা ৰাজহুৱা কৰে অভিনেতাজনে ৷