Daily Time Axom

জল নিষ্কাষণ, বৰিঙৰ নিষেধাজ্ঞা উঠাই ল’লে উপায়ুক্তই । শুষ্ক বতৰৰ পৰিপ্ৰেক্ষিতত বাতিল নিষেধাজ্ঞা ।

0 74

জনসেৱা তথা প্ৰকৃতিৰ জলস্তৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু লগতে ৰাইজৰ আবেদনৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে যোৱা ১০ মাৰ্চত এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় ভূমি জল বৰ্ডৰ আগতীয়া অনুমতি অবিহনে বৰিং আৰু ভূমিৰ তলৰ পৰা জল নিষ্কাষণ বন্ধ কৰাৰ নিষেধাজ্ঞা দিছিল। যোৱা ১১ তাৰিখে আন এক আদেশৰ জৰিয়তে জনসাধাৰণ ঘৰুৱা ব্যৱহাৰ (বাণিজ্যিক নহয়) আৰু সৈন্য বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছিল। কিন্তু বৰ্তমানৰ শুকান বতৰ আৰু খোৱা পানীৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ আবেদনৰ ভিত্তিত জনসেৱাৰ স্বাৰ্থত উপৰুক্ত দুয়োটা নিষেধাজ্ঞা উঠাই লৈছে জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে।
বুধবাৰে এক আদেশৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই সম্পৰ্কত এক সংবাদ মেল সম্বোধন কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সংবাদ মেলখনত উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে জল নিষ্কাষণৰ জৰিয়তে প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে বহু সময়ত বৰিঙৰ গাড়ী আদিয়ে জল জীৱন বিপৰ্যস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক আবেদনৰ স্বাৰ্থত বৰিং, জল নিষ্কাষণ বন্ধ কৰা হৈছিল। কিন্তু বৰ্তমান শুষ্ক বতৰৰ প্ৰতি লক্ষ্য ৰাখি উক্ত নিষেধাজ্ঞা উঠাই লোৱা হৈছে।

Leave A Reply

Your email address will not be published.