Daily Time Axom

ইউক্ৰেইনত ৭,০০০ ৰাছিয়ান সৈন্য নিহত হোৱাৰ দাবী আমেৰিকাৰ

0 8

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ তিনি সপ্তাহ পাৰ হ’ল।
যুদ্ধত এতিয়ালৈকে কমেও ৭,০০০ ৰাছিয়ান সৈন্যৰ মৃত্যু ঘটিছে । তেওঁলোকৰ মাজত তিনিজন জেনেৰিল পৰ্যায়ৰ বিষয়াও আছে। প্ৰায় ১৪,০০০ ৰ পৰা ২১,০০০ ৰাছিয়াৰ সৈন্য গুৰুতৰভাৱে আহত হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সূত্ৰই এই তথ্য দাবী কৰিছে। নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ সেনাই ৰাজধানী কিয়েভকে ধৰি প্ৰতিখন গুৰুত্বপূৰ্ণ চহৰক বচাবলৈ শক্তিশালী প্ৰতিদ্বন্দী ৰাছিয়াৰ বিৰুদ্ধে এক মাৰাত্মক প্ৰতিৰোধ গঢ়ি তুলিছে।

খাৰকিভত বিধ্বস্ত ৰাছিয়ান যুদ্ধ বিমানৰ কাষত ইউক্ৰেইনৰ সেনা

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দাবী কৰে যে তেওঁৰ সেনাই এতিযালৈ যুদ্ধত ৬,০০০ ৰাছিয়াৰ সৈন্যক নিৰ্মূল কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে এই দাবী সন্দৰ্ভত এতিয়াও কোনো মন্তব্য দিয়া নাই। ৰাছিয়াৰ সৈন্যই তিনিফালৰ পৰা কিয়েভত প্ৰৱেশ কৰিবলৈ জোৰদাৰ চেষ্টা কৰি আছে। পেন্টাগনে দাবী কৰিছে যে কমেও ১,৫০,০০০ ৰাছিয়ান সৈন্য যুদ্ধক্ষেত্ৰত আছে।

কিন্তু কেইবাঠাইতো ইউক্ৰেইনৰ সেনা আৰু অসামৰিক লোকৰ যুটীয়া বাহিনীয়ে এক সুৰক্ষা জাল সৃষ্টি কৰিছে। ফলস্বৰূপে, ৰাছিয়াৰ সেনাই কিয়েভৰ ভিতৰলৈ যাবলৈ পৰ্যাপ্ত গতি লাভ কৰিব পৰা নাই। ইফালে, বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে মস্কোক ইউক্ৰেইনত সামৰিক অভিযান তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। আন্তৰ্জাতিক ন্যায়ালয়ে কৈছে যে ক্ৰেমলিনে ইউক্ৰেইনত অবৈধভাৱে সামৰিক অভিযান চলাবলৈ সিদ্ধান্ত লৈছে।

খাৰকিভত ধৰাশায়ী ৰাছিযান সৈন্যৰ মৃতদেহ
Leave A Reply

Your email address will not be published.