যুদ্ধৰ হ’ব অৱসান ! NATOৰ হলি-গলি বাদ দিলেই ইউক্ৰেইনৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব ৰাছিয়াই ৷

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ হযতো শীঘ্ৰেই অৱসান ঘটিব ৷ ৰাছিয়াই যুদ্ধ অৱসানৰ বাবে এক নিৰ্দিষ্ট শান্তি পন্থা আগবঢ়াই দিছে ইউক্ৰেইনলৈ ৷ ইউক্ৰেইনৰ পৰা ৰাজহুৱা হোৱা তথ্য মতে ৰাছিয়াই ইউক্ৰেইনৰ প্ৰতি প্ৰস্তাৱ ৰাখিছে যে, শীঘ্ৰেই যুদ্ধ বিৰতিৰ লগতে ৰুছ সেনা স্থানান্তৰকৰণ সম্ভৱপৰ হৈ উঠিব ৷ যদিহে দেশখনে NATOৰ সদস্য পদৰ বাসনা ত্যাগ কৰে আৰু লগতে NATO ৰ অস্ত্ৰ সাহাৰ্য পৰিত্যাগ কৰে ৷
ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধই তিনি সপ্তাহ পাৰ কৰিলে ৷ শেহতীয়াভাৱে বুধবাৰৰ বাতৰি মতে ৰাছিয়া আৰু ইউক্ৰেইনে যুদ্ধৰ অসান ঘটাবলৈ এক কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুত কৰি ওলিয়াইছে ৷

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ

এই আলোচনাৰ কেইঘন্টামান পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আমেৰিকাৰ প্ৰতি ভিডিঅ’ যোগে ৰাছিয়াৰ বিৰুদ্ধে অধিক অস্ত্ৰ যোগান আৰু কঠোৰ বাধা আৰোপ আহ্বান জনাইছিল ৷ লগতে কৈছিল, এই মুহূৰ্তত আপোনালোকৰ সহায় অতি জৰুৰী হৈ পৰিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে এই প্ৰসংগত কয়, ইউক্ৰেইনৰ সেনাৰ সাম্ভাব্য নিৰপেক্ষ ভূমিকা সন্দৰ্ভত দুয়ো দেশৰ মাজত গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে ৷ ইফালে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই প্ৰংগত মন্তব্য কৰি কৈছে যে, যুদ্ধৰ অৱসানৰ বাবে ৰাছিয়াৰ এই প্ৰস্তাৱ যথেষ্ট বাস্তৱসন্মত ৷

Comments (0)
Add Comment