এই বছৰ মুক্তি লভিব লগীয়া বলীউডৰ বিগ ৰিলিজ ছবিৰ তালিকাত নাম নাছিল ‘দ্যা কাশ্মীৰ ফাইলছ’ৰ ৷ কিন্ত অপ্ৰত্যাশিতভাৱে যোৱা ৮ দিনত বলীউডৰ পৰিৱেশ সলনি কৰি পেলালে দ্যা কাশ্মীৰ ফাইলছে ৷ বলীউডৰ মহাতাৰকা সকলৰ ছবিবোৰ একাষৰীয়া কৰি ১০০ কোটিৰ ক্লাৱত ভৰি দিলে বিবেক অগ্নিহোত্ৰীৰ এই দেশ তোলপাৰ লগোৱা ছবিখনে ৷
কাশ্মীৰি পণ্ডিতক কাশ্মীৰৰপৰা উৎখাত কৰাৰ কাহিনীৰ চিত্ৰায়ণেৰে এই ছবিয়ে বক্স অফিচত উৰ্ধগামী ব্যাপক সফলতা লভিছে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা বলীউডৰ তাৰকালৈকে সকলোৱে প্ৰশংসাত পঞ্চমুখ কাশ্মীৰ ফাইলছৰ । কিন্তু এই ছবিখনে প্ৰত্যহ্বান থিয় কৰিছে অভিনেতা অক্ষয় কুমাৰৰ সমুখত ৷
‘দ্যা কাশ্মীৰ ফাইলছ’ক লৈ অস্বস্তিত পৰিছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ ৷ যোৱা সপ্তাহত দেশৰ ৬৩০ খন স্ক্ৰীণত একেলগে মুক্তি লাভ কৰে দ্য কাশ্মীৰ ফাইলছে ৷ গোটেই সপ্তাহ জুৰি জনপ্ৰিয়তাৰ তুংগত এই ছবিখন। যাৰ ফলত এই সপ্তাহতো স্ক্ৰীণৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিপৰীতে কালি শুকুৰ বাৰে হোলীৰ দিনা মুক্তি পাইছে অক্ষয় কুমাৰৰ ছবি বচ্ছন পাণ্ডে ৷ একচন প্ৰধান এই ছবিক লৈ বলীউডত আছিল বহুত প্ৰত্যাশা ৷ সপ্তাহটোত মুক্তি লভা একমাত্ৰ ছবি বচ্ছন পাণ্ডে । কিন্তু অপ্ৰত্যাশিতভাৱে অক্ষয় কুমাৰৰ এই ছবিয়ে জোৰদাৰ টক্কৰ দিব লগা হৈছে ’দ্যা কাশ্মীৰ ফাইলছ’ৰ সৈতে ৷ কাশ্মীৰ ফাইলছে ৩৫০ কোটি টকা পৰ্যন্ত ব্যৱসায় কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ৷
বলীউডৰ চৰ্চা অনুসৰি কাশ্মীৰ ফাইলছৰ সফলতা দেখি অক্ষয় কুমাৰৰ ‘বচ্ছন পাণ্ডে’ৰ বাবে স্ক্ৰীণ দিব খোজা নাছিল বহু ছবিঘৰৰ মালিকে ৷ হোলীৰ দিনা কাশ্মীৰ ফাইলছৰ বাবে ৪০০ৰ পৰা ৫০০মান স্ক্ৰীণত প্ৰদৰ্শনীৰ পৰা বঞ্চিত হৈছে বচ্ছন পাণ্ডে ৷ এক কথাত অপ্ৰত্যাশিতভাৱে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশৰ বাবে এতিয়া ‘দ্য কাশ্মীৰ ফাইলছ’ৰ সৈতে যুঁজিব লগা হৈছে অক্ষয় কুমাৰে ৷