মাৰ্ঘেৰিটা নামদাং কলিয়ৰীৰ অঞ্চলত আজি স্থানীয় ৰাইজে এটা আঘাটপ্ৰাপ্ত হৰিণা পহু উদ্ধাৰ কৰি লেখাপানী বন বিভাগৰ হাতত গতাই দিয়ে। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি চুবুৰীয়া অৰুণাচল প্ৰদেশত কোনো চোৰাং চিকাৰীয়ে আক্ৰমণ কৰাৰ ফলতে পহুটো আঘাটপ্ৰাপ্ত হয় আৰু আঘাট পোৱা অৱস্থাতে উক্ত অঞ্চলত আহি ওলাই। অঞ্চলটোৰ একাংশ সচেতন ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৰিণা পহুটো উদ্ধাৰ কৰি লেখাপানী বন বিভাগক খবৰ দিয়ে। লেখাপানী বন বিভাগৰ এটা উদ্ধাৰকাৰী দল উক্ত অঞ্চলত উপস্থিত হৈ আঘাতপ্ৰাপ্ত হৰিণা পহুটো চমজি লোৱা লগতে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। জীৱ শ্ৰেষ্ঠ মানুহে বন্য জীৱ প্ৰতি কৰা এই আচৰণে বন্য প্ৰেমী সকলক সচকিত কৰি তুলিছে।