বান্দৰবোৰে প্ৰতিশোধ লৈছে কুকুৰৰ ওপৰত । হয়, শেহতীয়াকৈ এনে এক অদ্ভুত ঘটনাৰ বিষয়ে পোহৰলৈ আহিছে । এখন গাঁৱৰ কেইবাটাও কুকুৰে ইতিমধ্যে বান্দৰৰ পোৱালী হত্যা কৰিছিল । গাওঁবাসীয়ে কয় যে বান্দৰেও কুকুৰৰ পোৱালী হত্যা কৰি প্ৰতিশোধ ল’বলৈ এনে কৰিছে। ঘটনাটোৰ আৰম্ভণি ঘটিছিল এনেদৰে, সেই গাওঁখনৰ এটা বান্দৰ পোৱালী প্ৰথমে কেইটামান কুকুৰে হত্যা কৰিছিল। ইয়াৰ পিছত, বান্দৰৰ দলটোৱে কুকুৰপোৱালীবোৰক নিৰ্বাচিতভাৱে চিনেমাৰ আৰ্হিত হত্যা কৰিছে।
মহাৰাষ্ট্ৰৰ বিড জিলাৰ এই ঘটনা পোহৰলৈ অহা লগে লগে সমগ্ৰ দেশতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয়। বান্দৰৰ প্ৰতিশোধৰ এই ঘটনাৰ বিষয়ে শুনি বহুলোক হতবাক হৈ পৰিছে। যোৱা মাহত, কুকুৰে গাওঁখনত এটা বান্দৰৰ পোৱালী হত্যা কৰাৰ পিছত, বান্দৰবোৰে প্ৰতিশোধ ল’বলৈ কুকুৰবোৰক এটা এটাকৈ হত্যা কৰিবলৈ আৰম্ভ কৰে। যোৱা এমাহত, বান্দৰে ওখ স্থানৰ পৰা দলিয়াই প্ৰায় ২৫০ টা পোৱালী হত্যা কৰিছে। যোৱা ডিচেম্বৰ মাহৰে ঘটনা এয়া ৷ ঘটনাটোৰ গভীৰতা ক্ৰমান্বয়ে বাঢ়ি আহিছে, এতিয়া বান্দৰবোৰে সৰু ল’ৰা-ছোৱালীকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে বাবে পুনৰ বিষয়টো চৰ্চালৈ আহিছে ৷