Daily Time Axom

মোৰাঝাৰৰ বৰবালিত অবৈধ কাঠফলা মিল উৎখাত

0 9

হোজাইৰ মোৰাঝাৰৰ শিৱপুৰৰ পৰা কালি কাঠসহ অবৈধ কাঠৰ মিল জব্দ কৰাৰ পিছতে পুনৰ আজি হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত অকচেক বৰবালি গাঁৱত হোজাই বন বিভাগে অভিযান চলায় ৷ এই অভিযানত এটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে চেগুন ,কৰৈ আদিকৰি স্থানীয় বিভিন্ন ধৰণৰ প্ৰায় দুই লাখ টকাৰ মূল্যবান গছৰ কুণ্ডা জব্দ কৰি দুখন বাহন ভৰ্তি কৰি হোজাই বন সুৰক্ষা বাহিনীৰ কাৰ্যালয়ত লৈ যায় ৷ বন সুৰক্ষা বিষয়া মহেশ নাথে জনোৱা মতে, আজি হোজাইৰ ডিএফঅ ‘ গুণদীপ দাসৰ এক গোপন খবৰৰ ভিত্তিত মোৰাঝাৰ থানা এলেকাৰ অকচেক বৰবালিত বন বিভাগ , আৰক্ষী জোৱান আৰু কামাণ্ড বাহিনীয়ে এটি পৰিত্যক্ত বাৰীত অভিযান চলায় ৷

এই অভিযানত বৃহৎ পৰিমানৰ চোৰাং গছৰ কুণ্ডা বন বিভাগে জব্দ কৰা বুলি বন সুৰক্ষা বিষয়া মহেশ চন্দ্ৰ নাথে জনায় ৷ অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰিব পৰা নাই ৷ অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় কৰা চক্ৰটো আৰক্ষী আৰু বন বিভাগৰ খবৰ পাই পলাই যাবলৈ সক্ষম হয় ৷ ইপিনে একে গাঁৱৰ আন এটি ঘৰৰ তামোল বাৰীত দ খাৱৈত চেগুণ কাঠ উদ্ধাৰ হয়৷ এই সংক্ৰান্তত হোজাই বন বিভাগে চক্ৰটোৰ বিৰুদ্ধে চলোৱা অভিযান কালত চোৰাং কাৰবাৰত জড়িত লোক সকলৰ লগতে মহিলা সকলেও ঘৰ এৰি পলায়ন কৰা পৰিলক্ষিত হয়৷ এই যাৱতীয় চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বুলি নাথে জনায় ৷ উল্লেখ যোগ্য যে আজি বন বিভাগে চলোৱা বৃহৎ অভিযানত গাঁৱত এক আতংকৰ সৃষ্টি হয়৷ যত মুষ্টিমেয় কেইজনমান লোকৰ বাবে গাঁৱৰ পৰিৱেশ বিনষ্ট হোৱা বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰি চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায়৷

ডবকা পৰা লুতফুৰ ৰহমান ৰিপোৰ্ট

Leave A Reply

Your email address will not be published.