Daily Time Axom

পৃথিৱীৰ আটাইতকৈ সুখী মানুহৰ দেশ কোনখন জানেনে ?

0 12

এক, দুই, তিনি, চাৰি, পাঁচ । একেৰাহে পাঁচবাৰ, “বিশ্ব সুখী দেশ” খিতাপ ফিনলেণ্ডে কাঢ়িছে। ৱৰ্ল্ড হেপ্পীনেছ ৰিপ’ৰ্টচ ২০২২ অনুসৰি, ফিনলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ ‘সুখী’ দেশ।

সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত জীৱন মূল্যায়নৰ সুখ আৰু মানদণ্ড বিবেচনা কৰি তালিকাখন তৈয়াৰ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কে একাধিক জৰীপৰ জৰিয়তে সাধাৰণ জনতাৰ সৈতে বাৰ্তালাপ কৰা দুটা সূচকৰ ওপৰত একাধিক জৰীপৰ জৰিয়তে সাধাৰণ ৰাইজৰ সৈতে কথা পাতি এক বিতং সুখ ইনডেস্ক প্ৰতিবেদন প্ৰস্তুত কৰে।

অধ্যয়নটো মুঠ ১৫০ খন দেশত কৰা হৈছিল। জনমূৰি জিডিপি, স্বাস্থ্যকৰ জীৱনযাপন, জীৱনৰ মানদণ্ড, মুক্ত চিন্তাৰ পৰিসৰৰ ওপৰত আধাৰিত কৰি দেশবোৰক ০ ৰ পৰা ১০ ৰ ভিতৰত স্থান দিয়া হৈছে।
আফগানিস্তান তালিকাৰ তলত আছে। প্ৰতিবেদনখনে দাবী কৰিছে যে আটাইতকৈ কম সুখী মানুহে বাস কৰে লেবানন আৰু জিম্বাবোৱেৰ দৰে দেশত ।

Leave A Reply

Your email address will not be published.