ৰাতি লাইট জ্বলাই নে আন্ধাৰত শুৱে আপুনিও

ৰাতি, লাইট অফ কৰি শুৱা অভ্যাসটো সৰুৰে পৰা পিতৃ-মাতৃয়ে কৰিছে নেকি । কোনো বস্তুৰ ভয়ত বহুলোকে লাইট বন্ধ কৰি শুৱে ৷ কিন্তু ব্যক্তিজনৰ প্ৰকৃতি যিয়েই নহওঁক, পোহৰ জ্বলাই ৰাতি শুৱাটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনয়েজক নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ ফেইনবাৰ্গ স্কুল অৱ মেডিচিনৰ বিজ্ঞানীসকলে এই বিষয়টোৰ তথ্য প্ৰকাশ কৰিছে।

অধ্যয়নটোৱে দাবী কৰে যে নিশা লাইট জ্বলাই শুলে হৃদযন্ত্ৰৰ সমস্যা আৰু ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়।
শৰীৰত থকা ইনচুলিন বৃদ্ধি হয়, যাৰ ফলত শৰীৰৰ যথেষ্ট ক্ষতি হয়।
মজলীয়া তীব্ৰতাৰ পোহৰত শুৱা সকলৰ হৃদস্পন্দন কম পোহৰত শুই থকাসকলৰ তুলনাত বহুত বেছি আছিল।

ইয়াৰ কাৰণ হৈছে শোৱাৰ পিছত, আমাৰ শৰীৰৰ স্বয়ংক্ৰিয় স্নায়ু প্ৰণালীয়ে কাম কৰে, যি কিছু পোহৰ পালে অধিক তীব্ৰ হৈ পৰে।

যিসকলে পোহৰত শুৱে তেওঁলোকৰ ইনচুলিনৰ স্তৰ ১৫ শতাংশ বৃদ্ধি হয়, আনহাতে কম পোহৰত শুৱা লোকসকলৰ ইনচুলিন ৪ শতাংশলৈকে বৃদ্ধি হয়।

Comments (0)
Add Comment