Daily Time Axom

বিশ্বনাথ মহাবিদ্যালয়ত ষ্ট্ৰীট লাইব্ৰেৰী প্ৰতিষ্ঠা

0 7

যি সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মোবাইলৰ প্ৰতি অধিক গুৰুত্ব বাঢ়িবলৈ ধৰিছে সেই সময়তে ছাত্ৰ-ছাত্ৰী সকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ঐতিহাসিক বিশ্বনাথ মহাবিদ্যালয় কতৃপক্ষই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ ভিতৰতে প্ৰথমখন ষ্ট্ৰীট লাইব্ৰেৰী প্ৰতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰী সকলক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয়খনৰ কতৃপক্ষই।
ছাত্ৰ-ছাত্ৰী সকলক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহাৱাম্বিত কৰি তুলিবৰ বাবে এনে ধৰণৰ অভিনৱ প্ৰচেষ্টা হাতত লৈছে বিশ্বনাথ মহাবিদ্যালয় কতৃপক্ষই। এই ষ্ট্ৰীট লাইব্ৰেৰীখনৰ নামকৰণ কৰা হৈছে বোধিদ্ৰুম পুথিভঁৰাল বুলি। বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামনি শৰ্মাকে প্ৰমূখ্য কৰি মহাবিদ্যালয়খনৰ শিক্ষক- শিক্ষায়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষভাৱে অসমীয়া বিভাগৰ অতিথি অধ্যাপক মানস জ্যোতি দাসে আগবঢ়োৱা ইতিবাচক প্ৰচেষ্টাৰ ফলত এনে এক ব্যতিক্ৰমী কাৰ্যসূচী মহাবিদ্যালয়খনত গ্ৰহণ কৰা হৈছে।


বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ষ্ট্ৰীট লাইব্ৰেৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিশ্বনাথ মহাবিদ্যালয়ে বিশ্বনাথ জিলাৰ লেখক-লেখিকাসকলক যুৱ প্ৰজন্মৰ সৈতে চিনাকি কৰি দিয়াৰ মানসেৰে ষ্ট্ৰীট লাইব্ৰেৰীৰ এটা বিশেষ অংশ সমগ্ৰ বিশ্বনাথ জিলাৰ লেখক-লেখিকা সকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। মহাবিদ্যালয়খনৰ পৰিয়ালবৰ্গই বিশ্বনাথ জিলাৰ লেখক-লেখিকা সকলক তেওঁলোকৰ সৃষ্টিৰাজিৰ কমেও পাঁচখনকৈ কিতাপ ষ্ট্ৰীট লাইব্ৰেৰীলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।
উত্তৰ পাৰৰ অগ্ৰণী শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালখনত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ উপৰিও গ্ৰন্থ মেলা, গ্ৰন্থ উন্মোচনী উৎসৱ, গ্ৰন্থ উপহাৰ দিৱসৰ দৰে ব্যতিক্ৰমী কাৰ্যসূচী মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই সময়ে সময়ে উদযাপন কৰা পৰিলক্ষিত হয়। মহাবিদ্যালয়খনৰ এনেধৰণৰ পদক্ষেপে সমগ্ৰ বিশ্বনাথবাসী ৰাইজৰ লগতে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.