Daily Time Axom

জামুগুৰিহাটৰ পানপুৰত পৰিয়াল পৰিকল্পনা মেলা

0 7

শোনিতপুৰ জিলা স্বাস্থ্য সমিতি আৰু উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত উদ্যোগত এই মেলা অনুষ্ঠিত

শোনিতপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত আজি জামুগুৰিহাটত অনুষ্ঠিত হয় পৰিয়াল পৰিকল্পনা মেলা২০২২৷ জামুগুৰিহাটৰ পানপুৰ উপস্বাস্থ্যকেন্দ্ৰ প্ৰাংগনত পুৱা পৰিয়াল পৰিকল্পনা মেলাৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী তথা পাচঁগাও উন্নয়ন সমিতিৰ সভাপতি নাৰদ শৰ্মাই৷এই অনুষ্ঠানত কন কন শিশু সকলে পৰিবেশন কৰা বিহু গীত নৃত্তই এক উৎসৱ মূখৰ পৰিবেশ সৃষ্টি কৰে৷ইয়াৰ পিছতে অনুষ্ঠিত ৰাজহুৱা সভাৰ সভপতিত্ব কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি নাৰদ শৰ্মাই ৷

নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ উপ সভাপতি মদন কৈৰালাই আত ধাৰ সভাত মূখ্য অতিথিৰ আসন অলংকৃত কৰে মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাই৷বিশিষ্ট অতিথি হিচিবে অংগ্ৰহন কৰে অনুসুচীত জাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ পবিত্ৰ দাসে৷চিকিৎসা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্হানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত কন কন শিশুৰ লগতে অন্যান্য শিল্পী সকলে পৰিবেশন কৰা গীত নৃত্বই সকলোৰে মন জয় কৰে৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Leave A Reply

Your email address will not be published.