১০ এপ্ৰিলৰ পৰা ট্ৰায়েল ৰাণ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ নৱনিৰ্মিত ‘হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ’ (কাৰ্ডিঅ’থুৰাচিক এণ্ড নিউৰ’ছায়েন্স চেণ্টাৰ বা চিএন চেণ্টাৰ)টি অহা এপ্ৰিলৰ দ্বিতীয় ভাগত মুকলি কৰিব পৰাকৈ পূৰ্ণ প্ৰস্তুতি চলাইছে স্বাস্থ্য বিভাগে। হৃদৰোগ আৰু স্নায়ুৰোগত আক্ৰান্ত অসমৰ ৰোগীসকলে বাহিৰলৈ নোযোৱাকৈ উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খন মুকলিৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ আজি পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মঙ্গলবাৰে দুপৰীয়া দিছপুৰত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা আৰু চিএচিৰ সঞ্চালক ডাঃ বসন্ত বৈশ্যৰ সৈতে এখন বৈঠকত মিলিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰস্তুতি পৰ্বৰ অগ্ৰগতিৰ বুজ লয়। তদুপৰি চিএন চেণ্টাৰৰ মানৱ-সম্পদ ব্যৱস্থাপনা, চিকিৎসা উপকৰণসমূহৰ সংস্থাপন, অগ্নি-সুৰক্ষা প্ৰণালী, বৈদ্যুতিক আৰু ইণ্টাৰনেট তথা তথ্য প্ৰযুক্তি বিষয়ক আন্তঃগাঠনি সম্পূৰ্ণকৰণ আদি বিভিন্ন দিশো বৈঠকত পৰ্যালোচনা কৰা হয়। হৃদৰোগ আৰু স্নায়ুৰোগ বিষয়ক এই ছুপাৰস্পেচিয়েলিটী চিকিৎসালয়খনত অহা ১০ এপ্ৰিলৰ পৰা ‘ট্ৰায়েল ৰাণ’ চলাব পৰাকৈ সাজু হ’বলৈ জিএমচিএইচ কৰ্তৃপক্ষ আৰু চিএনচিৰ সঞ্চালকক বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে।