Daily Time Axom

ব্যাপক উৎকন্ঠাৰ মাজতে নাৰায়নপুৰত পৌৰসভা গঠন

0 7


ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ যোৱা পৌৰসভা নিৰ্বাচনৰ পাছত এতিয়া আহিল পৌৰসভা গঠন আৰু শপত গ্ৰহণ । এই লৈ সমগ্ৰ ৰাজ্যৰ লগতে নাৰায়নপুৰ পৌৰসভা গঠনৰ উদ্দেশ্যে ব্যাপক উৎকন্ঠাৰে চৰ্চিত হৈ পৰিছে পৌৰপতিগৰাকীকলৈ । কাৰণ ইয়াত বিজেপিৰে আছে দুটা ফৈদ । যিহেতু মুঠ দহটা ৱাৰ্ডৰে গঠন হ’ব লগা নাৰায়নপুৰ পৌৰসভাখন নিৰ্বাচনত কংগ্ৰেছ দলে পাচটা , শাসকীয় বিজেপি দলে তিনিটা আৰু নিৰ্দলীয় দুগৰাকী প্ৰাৰ্থীয়ে বিজয়ী হ’বলৈ সক্ষম হয় । আৰু সেই দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত নাৰায়নপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হিচাপে হৰিশ চন্দক আছে ।

কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে নিৰ্দলীয় বিজয়ী প্ৰাৰ্থী হৰিশ চন্দকে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জয়ামাই দেউৰী লগতে আটাইকেইগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী সকলক লৈ বিজেপি দলৰ শীৰ্ষ নেতৃবৃন্দৰ ওচৰত যোগদান কৰাত পৌৰসভাখনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ সলনি হৈ পৰে । কাৰণ এতিয়া বিজেপি দলৰ হৈহে গঠন কৰিব লাগিব নাৰায়নপুৰ পৌৰসভা সভা ।

তেনেহলে পৌৰপতি হ’ব কোন । কিন্তু জানিব পৰা মতে কংগ্ৰেছৰ পাঁচ গৰাকী আৰু নিৰ্দলীয় দুগৰাকী তথা ন বিজেপিৰ মুঠ সাত গৰাকী প্ৰাৰ্থীৰ হৰিশ চন্দকৰ হৈ প্ৰস্তাৱ সম্পূৰ্ণ কৰিছে । আৰু এয়াই পৌৰপতিৰ আসন চূড়ান্ত‌ও কৰিছে । উল্লেখযোগ্য যে সদ্য সমাপ্ত নিৰ্বাচনত নাৰায়নপুৰ পৌৰসভাৰে অন্তৰ্গত ১ নং ৱাৰ্ডৰ বিজেপি দলৰ বিধায়ক ড’অমিয় কুমাৰ ভূঞাৰ লগত তীব্ৰ প্ৰতিদ্বন্দিতা কৰি নিৰ্দলীয় প্ৰাৰ্থী হৰিশ চন্দকে নিৰ্দলীয় প্ৰাৰ্থী সহ কংগ্ৰেছৰ সাত গৰাকী প্ৰাৰ্থী জয়ী কৰোৱাইছিল । কিন্তু এতিয়া পৌৰসভা খন গঠনৰ ক্ষেত্ৰত বিধায়ক ড’ অমিয় কুমাৰ ভূঞাই কি ভূমিকা গ্ৰহণ কৰিব সেয়া অহা ১ এপ্ৰিলৰ শপত গ্ৰহণৰ দিনাহে জানিব পৰা যাব।

গোপাল গোৱালা ৰিপৰ্ট, নাৰায়নপুৰ।

Leave A Reply

Your email address will not be published.