কাইলৈ ৰাজ্যসভাৰ নিৰ্বাচন ৷ বিৰোধীত ছিঁৰাল ফাট ৷ AIUDFৰ ৫ বিধায়কে সঁচাকৈ ভোট দিব নেকি বিজেপিক?
কাইলৈ বৃহস্পতি বাৰে অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ’ব নিৰ্বাচন ৷ ভাগ্য নিৰ্ণয় হ’ব কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা, বিজেপি মিত্ৰজোঁটৰ UPPLৰ ৰণগৌৰা নাৰ্জাৰীৰ ৷ ইতিমধ্যে বিজয় নিশ্চিত হৈছে বিজেপিৰ যুৱনেতা পৱিত্ৰ মাৰ্ঘেৰিটাৰ ৷ অংকত আউল লাগিছে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুন বৰাৰ ৷
বৃহস্পতিবাৰে দেশৰ ছখন ৰাজ্যৰ মুঠ ১৩ খন ৰাজ্যসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। পঞ্জাৱৰ পৰা পাঁচজন সদস্য নিৰ্বাচিত হ’ব ৷ কেৰালাৰ পৰা তিনিজন, অসমৰ পৰা দুজন আৰু হিমাচল প্ৰদেশ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ পৰা এজনকৈ সদস্য নিৰ্বাচিত হ’ব।
বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া অসমৰ পৰা দুখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন এক উৎকণ্ঠাময় পৰিৱেশৰ মাজলৈ গতি কৰিছে ।
কেন্দ্ৰৰ লগতে ৰাজ্যৰ শাসনত থকা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন আসন জিকিবলৈ পৰ্যাপ্ত বিধায়ক আছে বিজেপিৰ হাতত ৷ একে সময়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োখন আসনত জয়ী হ’ব বুলি একাধিকবাৰ দৃঢ়ভাৱে ঘোষণা কৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ লগতে দ্বিতীয়খন আসনতো বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলি বিজেপি দলৰ পৰাও দাবী কৰিছে ৷ আৰু মুখ্যমন্ত্ৰী তথা বিজেপিৰ এই দৃঢ়তাই বিৰোধী কংগ্ৰেছক অস্বস্তিত পেলাইছে।
বিজেপিয়ে পাবিত্ৰ গগৈ মাৰ্ঘেৰিটাক এখন আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ আনহাতে ইয়াৰ সহযোগী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে (ইউপিপিএল) আনখন আসনত ৰণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য-
“কংগ্ৰেছে জনা ভাল যে, তেওঁলোকৰ কেইবাজনো বিধায়কে বিজেপিত যোগদান কৰিবলৈ গৈ আছে। লগতে, প্ৰাৰ্থীসকলে ৰাজ্যসভা নিৰ্বাচনত দলটোৱে জাৰী কৰা হুইপ অনুসৰণ কৰিবলৈ বাধ্য নহয়। এই গণনাৰ দ্বাৰা, আমি দুয়োখন আসন লাভ কৰিবলৈ সক্ষম হ’ম ৷”
আনহাতে, অংকত আউল লাগিলেও আশাবাদী কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ ৰিপুন বৰা, “কংগ্ৰেছৰ সদস্য আছে আৰু মই নিশ্চিত যে আমি জিকিম।”
১২৬ জনীয়া অসম বিধানসভাত বিজেপিৰ ৬৩ জন বিধায়ক আছে, আনহাতে মিত্ৰদল অসম গণ পৰিষদ (অগপ) আৰু ইউপিপিএলৰ ক্ৰমান্বয়ে ন আৰু সাতজন সদস্য আছে। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ), যিয়ে বিজেপি সমৰ্থন কৰে তেওঁলোকৰ ৩ জন বিধায়ক আছে।
সেয়েহে, মুঠতে, বিজেপিৰ পক্ষত কমেও ৮২ টা ভোট আছে।
কংগ্ৰেছৰ ২৭ জন বিধায়ক আছে। ইয়াৰ ১৫ জন বিধায়কৰ সৈতে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট (এআইইউডিএফ), আৰু ৰাইজৰ দল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ওপৰতো নিৰ্ভৰ কৰি আছে। যদি এই সকলো বিধায়কে কংগ্ৰেছক সমৰ্থন কৰে, তেন্তে বিৰোধীৰ প্ৰথম পচন্দৰ ৪৪ টা ভোট থাকিব। সেই অনুসৰি জয় লাভ কৰিবই লাগে ৰিপুন বৰাই ৷
কিন্তু যুদ্ধৰ পূৰ্বে বিৰোধী ঐক্যত ছিঁৰাল ফাট মেলা পৰিলক্ষিত হৈছে। ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মিত্ৰদল এআইডিইউএফক বিশ্বাসঘাটক-প্ৰতাৰক আখ্যা দিছে ইতিমধ্যে ৷ লগতে তীক্ষ্ণ বাক্যবাণেৰে এ আই ইউ ডি এফৰ সভাপতিগৰাকীক প্ৰত্যাহ্বান জনাই কয় যে, “আজমলে ১৫টা ভোটৰ গেৰান্টি ল’ব লাগিব। আজমলৰ ৫জন বিধায়ক ইতিমধ্যে বিক্ৰী গৈছে আৰু এই বিধায়ককেইজন বিক্ৰী হোৱাত আজমলে সহায় কৰিছে।”
ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত কংগ্ৰেছৰ এই স্থিতি কিমান দূৰ সুবিধাজনক হ’ব, ৰিপুন বৰাক উপকৃত কৰিব নে বিপদলৈ ঠেলি দিলে সেয়া নিৰ্বাচনী ফলাফলৰ পিছতে স্পষ্ট হৈ পৰিব । কিন্তু এয়াও ঠিক যে ইতিমধ্যে চল চাই কঠীয়া পাৰি নিজৰ স্থিতি স্পষ্ট কৰিছে বিজেপিয়ে ।