Daily Time Axom

বিজনীৰ এটা অঞ্চলত নাই সাতদিন ধৰি বিজুলী, ছাত্ৰ- ছাত্ৰীৰ পঢ়া-শুনা কৰাত অসুবিধাৰ অভিযোগ

0 8

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উত্তৰ বল্লমগুৰীত যোৱা শুকুৰবাৰৰ পৰা নাই বিজুলী ।
সাত দিন ধৰি বিজুলী নাই বিজনীৰ উত্তৰ বল্লমগুৰীৰ প্ৰায় পঞ্চাশ-সাঠি ঘৰ থকা এটা গাৱৰ । উক্ত স্থানীয় ৰাইজে জনোৱা মতে যোৱা শুক্ৰবাৰ দিনা বতাহ বৰষুণ দিয়াৰ ফলত বিদ্যুত বাহি খুটা উখালি পৰে । স্থানীয় ৰাইজে বিদ্যুত বিভাগৰ কতৃপক্ষক বাৰম বাৰ জোনোৱা পিছতো কান সাৰ নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ । ৰাইজে বাৰম বাৰ অনুৰোধ কৰা পিছত বিদ্যুত বিভাগৰ লোকে উপস্থিত হয় যদিও বিদ্যুত বাহি খুটা মেৰামতিৰ বাবে দুই হাজাৰ টকা খৰচ বিছৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে সংবাদ মাধ্যমৰ সন্মুখত ।

স্থানীয় ৰাইজে লগতে আভিযোক কৰে যে সাত দিন ধৰি লাইন নোহোৱাৰ ফলত লৰা -ছোৱালীৰ পাঢ়াত বেঘ্যাতৰ সৃষ্টি হোৱাৰ কথা জনাইছে স্থানীয় লোকে । এতিয়া প্ৰশ্ন হয় যদি বিদ্যুতৰ খুটা ভাগি গ’লে ৰাইজে টকা পৰিশোধ কৰিব লাগে ? বিদ্যুতবাহি তাৰ চিঙি গলেও ৰাইজৰ ধনেৰে মেৰামতি কৰিব লগা হ’লে বিদ্যুৎ বিভাগৰ কাম কি ? অতি সোনকালেই উত্তৰ বল্লমগুৰীৰ বিজুলী কৰ্তন হৈ থকা পুনৰাই বিজুলীৰ তাৰ সংযোগ কৰি দিয়ে তাৰ বাবে শক্তি বিভাগৰ কতৃপক্ষক আহ্বান জনায় স্থানীয় লোকে।

Leave A Reply

Your email address will not be published.