বিজনীৰ বিষ্ণুপুৰ ২ নং চিকাঝৰাত SSDFৰ মিছন যুৱ বিকাশ আঁচনিৰ অধীনত বিনামূলীয়া পাঠদান

বিজনীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা SSD FOUNDATION ৰ প্ৰশংসনীয় পদক্ষেপ। সংস্থাটোৱে ইতিমধ্যে শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত কেইবাটাও কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰাৰ অন্তত আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰ ২ নং চিকাঝৰাত বিনামূলীয়া পাঠদানৰ অনুষ্ঠান অনুষ্ঠিত কৰে।

সংস্থাটোৰ মিছন যুৱ বিকাশ নামৰ এক আঁচনিৰ জৰিয়তে দুখীয়া ছাত্র-ছাত্ৰীসকলক বিনামূলীয়া পাঠদান দিয়াৰ উদ্দেশ্যে আয়োজন কৰে আজিৰ অনুষ্ঠান। উক্ত এলেকাৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰি পাঠদানত বিদ্যায়তনিক শিক্ষাৰ লগতে দক্ষতা বিকাশৰ ক্ষেত্ৰতো প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব দিয়ে SSD FOUNDATION ৰ সভাপতি অঞ্জন বিশ্বাসে। আনহাতে সংস্থাটোৰ এই পদক্ষেপৰ সলাগ লৈছে স্থানীয় সমাজ সচেতন লোকে।

Comments (0)
Add Comment