উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বড়ো জনগোষ্ঠীৰ সংবিধানিক প্ৰাপ্য অধিকাৰ তথা আত্মনিয়ন্ত্ৰনৰ প্ৰাপ্য অধিকাৰ দাবীত সৰ্বপ্ৰথম জংগী আন্দোলনৰ গুৰি ধৰোতা মুলতঃ জনগোষ্ঠীটোৰ জাতীয় অৰাজনৈতিক সংগঠন সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰয়াত কেন্দ্ৰীয় প্ৰাক্তন সভাপতি উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৬ বাৰ্ষিক জন্ম জয়ন্তী আজি বিটিএডি এলেকাৰ প্ৰতিটো জিলাত এবছুয়ে বিশেষ উলহ মালহেৰে পালন কৰাৰ বাতৰি পোৱা গৈছে।প্ৰাপ্ত বাতৰি মতে সদৌ বড়ো ছাত্ৰ সন্থাই আজি কেন্দ্ৰীয় ভাৱে প্ৰয়াত নেতা গৰাকীৰ জন্ম জয়ন্তী বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ দোতোমা অঞ্চলৰ থুলুংগাপুৰীত পালন কৰাৰ লগতে তামোলপুৰ জিলা সমিতিয়ে জিলাখনৰ কলবাৰীত পালন কৰে এই ছাত্ৰ সংহতি দিৱস হিচাপে।
দোতোমাত পতাকা উত্তোলন আৰু শ্বহীদ বেদীত পুষ্প নিবেদনেৰে আৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই ইয়াৰ পিছতেই আৰম্ভ হোৱা এক মুকলি সভাত সভাপতি দ্বীপেন বড়ো ই বডোফাৰ জন্মদিন তথা ফৰায়ছা ছান দিনটো অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাই বুলি বাতৰিটোত প্ৰকাশ।