কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ঘোষণা
৩১ মাৰ্চ, এই বিত্তীয় বৰ্ষ সমাপ্ত হ’বলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত পূৰ্বৰ সকলো কৌশল-প্ৰচেষ্টাকো চেৰাই কঠোৰৰো কঠোৰতম ভূমিকা গ্ৰহন কৰি যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে দিনে নিশাই ৰাজপথত সদলবলে তালাচী চলাইছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে ৷ প্ৰতিখন বাহনৰে নথিপত্ৰসমূহ তন্নতন্নকৈ পৰীক্ষা কৰি বাহনৰ বৈধতা নিশ্চিত কৰিবলৈ তালাচী চলাইছে পৰিবহন বিভাগৰ অভিযানকাৰী দলে ৷ যোৱা প্ৰায় এমাহে বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ উপৰিও শেষৰফালে কঠোৰ সকীয়নি প্ৰদানৰ পিছতো গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি নূন্যতমো দায়িত্ববোধ প্ৰদৰ্শন নকৰি চূড়ান্ত কৰফাঁকিৰে বিনাদ্বিধাই ঘূৰি ফুৰাসকলৰ পৰা অভিযানকাৰী দলে ৰাজপথতে জৰিমণাসহ ঠিতাতে আদায় কৰিলে যান-বাহন কৰ। ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ বৃহৎ অভিযানকাৰী দলে বুধবাৰে মহানগৰীৰ বেতকুছিত খানাপাৰা অভিমুখী আৰু জালুকবাৰী অভিমুখী দুয়োতা পথতে সমানে সমানে তালাচী চলোৱাৰ উপৰি বৃহত্তৰ খানাপাৰা, ছয়মাইল অঞ্চলকে ধৰি বহু গুৰুত্বপূৰ্ণ স্থানত অতৰ্কিতে তালাচী চলায় আদায় কৰে বুজন পৰিমাণৰ ৰাজহ ।
কামৰূপ মহানগৰ পৰিবহন বিভাগৰ বিভিন্ন উচ্চপদস্থ বিষয়া-কৰ্মী যোৱা কেইদিনৰ দৰে বুধবাৰেও কেইবাটাও ভাগত বিভক্ত হৈ গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত ১৫০০ৰো অধিক বাহনত তালাচী চলায় ৷ তালাচীৰ সময়ত বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াৰ উপৰি নথিপত্ৰৰ গুৰুতৰ বিসঙ্গতিত বহু বাহনৰ পৰা ঠিতাতে কৰ আদায় কৰি শতাধিক বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি কেইবাখনো বিলাসী বাহনসহ ব্যক্তিগত আৰু ব্যৱসায়িক বিভিন্ন ক্ষেত্ৰৰ ৭০ৰো অধিক বাহন জব্দ কৰে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জব্দ হোৱা বহু বাহনেই জৰিমণাসহ কৰ আদায় দি দোষমুক্ত হোৱাৰ বিপৰীতে বহুতেই কৰ পৰিশোধ কৰিব নোৱাৰি বিভাগৰ কাৰ্যালয় চৌহদতে আবদ্ধ হৈ থাকিবলগীয়া হয় ৷
উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষ শেষ হ’বলৈ আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত স্বাভাৱিকতেই অধিক কঠোৰ হৈ পৰিছে ৰাজ্যৰ পৰিবহণ বিভাগ । সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বাহনৰ গৰাকী আৰু চালকক পাৰ্যমানে ৰাজপথৰ সুৰক্ষিত যাতায়তৰ বাবে নিজৰ দায়িত্ববোধ সন্দৰ্ভত সজাগ কৰে।
বিগত প্ৰায় এমাহৰ নিৰন্তৰ অভিযানতো যানবাহনৰ কৰ আদায় নিদিয়াসকল আৰু এটা দিনৰ পিছতে সন্মুখীন হ’বলগীয়া অনাকাংক্ষিত পৰিস্থিতিৰ কথা উল্লেখ কৰি পৰিবহণ বিষয়া গৰাকীয়ে কয় যে কৰ অনাদায়কাৰী বাহনক পহিলা এপ্ৰিলৰ পৰা আৰু ৰাজপথত চকা ঘূৰিবলৈ দিয়া নহ’ব ৷ যানবাহনৰ কৰ আদায় দি ৰাজ্যৰ সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ প্ৰতি সামান্যতমো দায়িত্ববোধ নেদেখুওৱা সকলক কোনো কাৰনতে ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰে পৰিবহন বিষয়া গৌতম দাসে ৷ নিয়ম ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক জৰিমণা বিহাৰ উপৰি কঠোৰ শাস্তিৰ সন্মুখিন হব বুলিও উল্লেখ কৰে পৰিবহণ বিষয়াগৰাকীয়ে।