আইডব্লিউএল কোৱালিফায়াৰ্ছ,আজি গুৱাহাটী চিটী এফচিৰ খেল
গুজৰাটৰ আৰা এফচিৰ বিৰুদ্ধে কাইলৈ নতুন দিল্লীৰ ডঃ আম্বেদকাৰ ষ্টেডিয়ামত ইণ্ডিয়ান ৱমেন্ছ লীগ চমুকৈ আইডব্লিউএলৰ কোৱালিফায়াৰ্ছত নিজৰ অভিযানৰ পাতনি মেলিব গুৱাহাটী চিটী এফচি (জিচিএফচি)য়ে ৷ ভাৰতীয় পেছাদাৰী মহিলা ফুটবলৰ সৰ্বোচ্চ এই লীগৰ কোৱালিফায়াৰ্ছত খেলা অসমৰ প্ৰথম ক্লাব জিচিএফচিয়ে কালি খেলা এখন প্ৰস্তুতি মেচত দিল্লী ৰাজ্যিক লীগৰ ক্লাব কেকেএম সংগম বিহাৰ এফচিক ১-০ গ’লত পৰাস্ত কৰে ৷
১৮ বছৰ গড় বয়সৰ যুৱ দলটোত ফৰৱাৰ্ড ছোনিয়া মাৰাক (ৰাষ্ট্ৰীয় ছিনিয়ৰ চেম্পিয়নশ্বিপত অসমৰ সৰ্বাধিক গ’লদাতা), ডিফেণ্ডাৰ ভৱানী কুমাৰ, মল্লিকা মণ্ডল, বিনীতা বড়োৰ দৰে উল্লেখযোগ্য খেলুৱৈ আছে ৷
এএফচি বি লাইচেঞ্চপ্ৰাপ্ত প্ৰশিক্ষক বিধান দাসে মুখ্য প্ৰশিক্ষক, চি লাইচেঞ্চযুক্ত মিজো প্ৰশিক্ষক আৰ লালনুনছাংগিয়ে সহকাৰী প্ৰশিক্ষক আৰু বিতু দাসে গ’লকীপাৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱা দলটোৰ মেনেজাৰ কৌস্তুৱ চক্ৰৱৰ্তী আৰু ফিজিঅ’ তন্দ্ৰা দে’ ৷
দলটো হ’ল: মল্লিকা মণ্ডল, সুষমা কাচাপ, দুলুমণি দাস, বিনীতা বড়ো, পুনম বড়ো, উমা ইংতি, ৰশ্মি বসুমতাৰী, সোনম দত্ত, সীমা দাস, ছিলভিয়া কোঁৱৰ, সবিতা ৰাভা, পূজা শইকীয়া, ছুইটি বৰা, মাইনাও বড়ো, হিনা বাৰো, কল্যাণী দাস, ছোনিয়া মাৰাক, শিল্পীশিখা ৰাভা, ভৱানী কুমাৰ, কৃষ্ণাংগী ৰাভা, মধুস্মিতা বড়ো আৰু ছলোনি ৷