Daily Time Axom

জামুগুৰিহাটৰ ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰু প্ৰভা দাসৰ অৱসৰ

0 9


শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী নিৰু প্ৰভা দাসে আজি অৱসৰগ্ৰহণ কৰে ৷ ৩১ মাৰ্চৰ দিনটোতে অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষয়ত্ৰী নিৰু প্ৰভা দাসে ১৯৯৯ চনৰ ৩০ জুনত ২ নং মৰিসূতি প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী পদত যোগদান কৰিছিল ৷ ২০০৭ চনত ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়ত যোগদান কৰা শিক্ষয়িত্ৰী নিৰুপ্ৰভা দাসে ২০১৯ চনত প্ৰধান শিক্ষয়ত্ৰীৰ দ্বায়িত্ব গ্ৰহণ কৰিছিল । বিদ্যালয় খনিৰ প্ৰধান শিক্ষয়ত্ৰীৰ দ্বায়িত্ব লৈ নিৰু প্ৰভা দাসে সততা, নিষ্ঠা, ত্যাগ আৰু অক্লান্ত শ্ৰমৰ জৰিয়তে আত্ম প্ৰতিস্থা লাভ কৰিছিল ৷

জ্ঞান মন্দিৰৰ দুৱাৰ মুকলি কৰি পূঁজাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ শত সহস্ৰাধিক শিশুক জ্ঞানমৃত বিলাই জীৱন গঢ়াৰ যি সুন্দৰ সুগম পথৰ সন্ধান দিলে সেয়া সচাঁকৈয়ে আদৰণীয় আৰু প্ৰসংশনীয় বুলি অবিহিত কৰি আজিৰ বিদায়ৰ ক্ষনত বিদ্যালয় খনিৰ শিক্ষক শিক্ষয়িত্ৰী,অভিভাৱক আৰু ছাত্ৰছাত্ৰী সকলে আৰু কয় যে- শিক্ষানুৰাগী সমাজে আপোনাৰ এই অৱদান চিৰদিন স্মৰণ কৰিব । অঞ্চলটোৰ জেষ্ঠ সমাজকৰ্মী গোলাপ বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত প্ৰধান শিক্ষয়িত্ৰীৰ বিদায় সভাখনিত উপস্থিত থাকি বিদ্যালয়সমুহৰ চি আৰ চি হিৰেণ নাথৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজা নিজা অভিমত ব্যক্ত কৰে । অৱসৰ গ্ৰহণ কৰা কৃতী প্ৰধান শিক্ষয়িত্ৰী নিৰু প্ৰভা দাসক শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক-অভিভাৱিকা, কন কন ছাত্ৰ-ছাত্ৰীসকলে ফুলাম গামোচা,শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি অলেখ মৰম আৰু শ্ৰদ্ধাৰে উপচায় পেলাই ।


জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.