ললিত কলা একাডেমী বঁটাৰ বাবে নিৰ্বাচিত বাক্সাৰ চিত্ৰশিল্পী জিন্টুমোহন

অহা ৯ এপ্ৰিলত নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব বঁটা

ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অন্তৰ্ভূক্ত ললিত কলা একাডেমীয়ে চাৰু কলা বিষয়ত আগবঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰীয় কলা বঁটা তথা ললিত কলা একাডেমী বঁটাৰ চলিত বৰ্ষৰ বাবে জুৰীৰ দ্বাৰা নিৰ্বাচিত হৈছে বাক্সা জিলাৰ মুছলপুৰৰ প্ৰতিভাৱান চিত্ৰশিল্পী জিন্টুমোহন কলিতা ৷ উল্লেখ্য যে দেশৰ মুঠ ২০ গৰাকী চিত্ৰশিল্পীৰ ভিতৰত অসমৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা একমাত্ৰ চিত্ৰশিল্পী হৈছে জিন্টুমোহন ৷ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত আনন্দপুৰ চি ব্লক গাঁওৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দৰাম কলিতা আৰু লীলৱতী কলিতাৰ কনিষ্ঠ পুত্ৰ জিন্টুমোহনৰ কাঠৰ নক্সা আঁকি ছাপ মাৰি অঁকা “মা” শীৰ্ষক কলাত্মক চিত্ৰখন নতুন দিল্লীত অনুষ্ঠিতব্য ৬২ সংখ্যক ললিত কলা একাডেমী বঁটাৰ বাবে জুৰীয়ে বাচনি কৰিছে ৷ অহা ৯ এপ্ৰিলত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে জিন্টুমোহনক প্ৰদান কৰিব এই বঁটা ৷ লগতে ললিত কলা একাডেমীৰ দ্বাৰা নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱন গেলেৰীত আয়োজিত ৬২ তম প্ৰদৰ্শনীত বঁটা প্ৰাপক জিন্টুমোহনৰ বিশেষ কলা সম্বলিত চিত্ৰও প্ৰদৰ্শিত হ’ব ৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় কলা বঁটা হৈছে ভাৰতৰ চাৰু কলা বিষয়ৰ ৰাষ্ট্ৰীয় একাডেমী ললিত কলা একাডেমীয়ে প্ৰদান কৰা এক সৰ্বোচ্চ সন্মান। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্ৰতিষ্ঠা কৰিছিল ৷ ভাৰত তথা এছিয়া মহাদেশৰ বিখ্যাত কলাকাৰ আৰু শিল্পীক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। চত্তীশগড়ৰ ইন্দিৰা কলা-সংগীত বিশ্ববিদ্যালয়ৰ পৰা চাৰু কলা বিষয়ৰ স্নাতক জিন্টুমোহনে দেশৰ দিল্লী, হাৰিয়ানা, মুম্বাই, কলকতা, চত্তীশগড় অমৃতসৰকে ধৰি বিভিন্ন ঠাইৰ লগতে আৰ্জেন্টিনা, বুলগেৰিয়া, ৰোমানিয়া, চীন, টাইৱান আদি দেশতো নিজৰ চিত্ৰকলা প্ৰদৰ্শন কৰি সন্মান বুটলিবলৈ সক্ষম হৈছে ৷

ইতিমধ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু ললিত কলা ৰাষ্ট্ৰীয় একাডেমীৰ পৰা জলপানি লাভ কৰা জিন্টুমোহনে ২০১৯ বৰ্ষত চিমা এৱাৰ্ড আৰু ২০২১ বৰ্ষত আবিৰ ফাৰ্ষ্ট টেকচ্ এৱাৰ্ড লাভ কৰিবলৈও সক্ষম হৈছে ৷ ভাৰতীয় চিত্ৰকলা, ভাস্কৰ্য আদি বিষয়ত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিক ললিত কলা একাডেমীয়ে আগবঢ়োৱা এনে এটি সৰ্বোচ্চ বঁটাৰ বাবে নিৰ্বাচিত হোৱাত জিন্টুমোহনক বাক্সা জিলা সাহিত্য সভা, বাক্সা জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ বাক্সা জিলা সমিতি, বডোলেণ্ড কৰ্মচাৰী সন্থা, বাস্কা আঞ্চলিক ছাত্ৰ সন্থা, মুছলপুৰ প্ৰেছ ক্লাব, আক্ৰাছুৰ বিচি ব্লক আঞ্চলিককে আদি কৰি বিভিন্ন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে ৷

দীপাংকৰ বৰুৱা ৰিপৰ্ট ,মুছলপুৰ ৷

Comments (0)
Add Comment