মেঘালয়ত স্বচ্ছ ভাৰত অভিযানকলৈ সৃষ্টি হৈছে অন্য এক নৱ জাগৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানকলৈ দেশজুৰি নৱ জাগৰণ সৃষ্টি হৈছিল । প্ৰশাসনৰ লগতে জনতায়ো অকুণ্ঠ সহাৰি জনাইছিল প্ৰধানমন্ত্ৰী গৰাকীৰ আহ্বানৰ প্ৰতি । বাট পথ ,ৰাজহুৱা স্থান সকলোতে ঝাৰুৰে চাফ চিকুন কৰাত আহুপুৰুষাৰ্থ কৰিছিল সৰ্বস্তৰৰ লোকে । কিন্তু সেয়া ইতিহাস হোৱাৰ পথত । চহৰ নগৰৰ মাজ মজিয়াত পুনৰ জাৱৰৰ দমে সোঁৱৰাই দিয়ে স্বচ্ছ ভাৰতৰ কথা । কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিচেই সমীপতে এনেধৰণৰ জাৱৰৰ দম ।

জয় গুৰুৰ ২৭ নং ৰাষ্টীয় ঘাইপথৰ দাঁতি এতিয়া ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবসিত চুবুৰীয়া ৰাজ্য মেঘালয়ত । মেঘালয়ৰ যেনিয়ে যায় তেনিয়ে দেখিব কেবল স্বচ্ছতা । মেঘালয়ৰ প্ৰতিটো প্ৰান্তৰ সুন্দৰ নিকা পৰিবেশ দেখিলে মূৰ দো খাব আপোনাৰো ।

মেঘালয়ৰ স্বচ্ছ পযিৱেশৰ বাবে কেৱল চৰকাৰ প্ৰশাসনেই দায়বদ্ধ নহয় । মেঘালয়ৰ জনসাধাৰণো স্বচ্চতাৰ ক্ষেত্ৰত যথেষ্ট সজাগ । চাওঁক ৰাজহুৱা স্থানত নাপাব তামোল চিখৰৰ পিক অথবা চিপচ চিনাৰ পেকেট । ৰাজপথত নাই সৰাপাত এখিলা । এনৰেগা ,জবকাৰ্ডৰ আধাৰত নিয়োগ কৰিছে এনেধৰণৰ চাফাই কৰ্মী । দোকানৰ সমুখত ৰখা ডাষ্টবিনতহে পেলায় আবৰ্জনা । পথৰ দাঁতিত পেলাব নোৱাৰিব একো , নোৱাৰিব আমাৰ লেখীয়া পথৰ দাঁতিত প্ৰসাৱ কৰিব । যদিও আৰক্ষী সততে চকুত নপৰে জৰিমনা কিন্তু হ’বই ।

অসমৰ পৰিবেশ মেঘালয়ৰ সতে আছে বহু পাৰ্থক্য ।

অসমৰ বেলেগ নালেগে, আনকি উপায়ুক্ত কাৰ্যালয়ৰ সমুখত দুৰ্ঘটনাগ্ৰস্ত শিয়ালৰ মৃতদেহ চাৰি পাচদিনলৈ গেলি পচি যোৱাৰ পিছতো চকু নপৰে প্ৰশাসনৰ । একেদৰে হাইৱেৰ দুৰ্ঘটনাগ্ৰস্ত জন্তুৰ মৃতদেহ আঁতৰাবলৈ অসমৰ্থ অসমৰ প্ৰশাসনৰ বৰমূৰীয়াই চুবৰীয়া ৰাজ্যৰ পৰা শিকিবলৈ আগ্ৰহী হ’ব কেতিয়া । নে স্বচ্ছ ভাৰত অভিযানৰ কৌটি কৌটি টকাৰ মায়াজালতে আৱদ্ধ থাকিব আমাৰ অসমৰ প্ৰশাসন সেয়া মেঘালয়ৰ স্বচ্ছতাৰ নিদৰ্শন দেখি লাখটকীয়া প্ৰশ্ন হিচাপে পৰিগণিত হৈছে।

Comments (0)
Add Comment