অৱসৰৰ দিনাই নলবাৰীৰ ৩৫গৰাকী শিক্ষকলৈ পেঞ্চনৰ যাৱতীয় নথি প্ৰদান
নলবাৰীৰ শিক্ষা বিভাগৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ত আজি আবেলি ৩ বজাত অনুষ্ঠিত এখন সভাত ৩৫ গৰাকী শিক্ষকলৈ আগবঢ়ায় পেঞ্চনৰ যাৱতীয় নথিপত্ৰ। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত জিলা উপায়ুক্ত গীতিমণি ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত নলবাৰীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ লগতে বিভিন্ন শিক্ষাখণ্ডৰ বিষয়াসকল উপস্থিত থাকে। নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকনে শিক্ষকসকলৰ উদ্দ্যেশি কয় যে প্ৰকৃত জীৱন আৰম্ভ হয় ৬০ বছৰৰ পাছতহে। শিক্ষক-ডাক্তৰৰ প্ৰকৃততে অৱসৰ নাই বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকসকলে অৱসৰৰ পাছতো সৃষ্টিশীল কামত জড়িত হৈ থকা বাঞ্ছনীয়। তেওঁ শিক্ষকসকলৰ সুখময় ভবিষ্যতৰো আশা প্ৰকাশ কৰে। সভাখনত আদৰণী ভাষণ দি শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই কয় অৱসৰৰ দিনাই জিআইএছ, লিভ এনকেছমেণ্টৰ নথি প্ৰদান কৰিবলৈ পাই তেওঁ সুখ অনুভৱ কৰিছে।
আজিৰ সভাত বিদ্যালয়সমূহৰ উপ পৰিদৰ্শ ভূপেন্দ্ৰ নাথ শৰ্মা, পূব নলবাৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ইনামূল মজিদ, বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ ৰাজেন্দ্ৰ কলিতা, বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ লীলাধৰ দাস, টিহু-বৰমা শিক্ষাখণ্ডৰ বিষয়া বাৰলংফা মুছাহাৰীৰ লগতে বিভিন্ন শিক্ষাখণ্ডৰে সংবদ্ধ সহঃ পৰিদৰ্শকসকল, বিভিন্ন শিক্ষক সংগঠনৰ প্ৰতিনিধি আদিয়ে যোগদান কৰে। সভাত পূব নলবাৰী শিক্ষাখণ্ডৰ গিৰিজা কলিতা মেধি,লখেশ্বৰ কলিতা, ৰমনী মোহন ডেকা, অজয় কুমাৰ ডেকা, মাধব চন্দ্ৰ কলিতা, কমলা কান্ত শীল, গিৰিবালা তালুকদাৰ, পদুমী ভূঞা, মজিবৰ ৰহমান, বৰক্ষেত্ৰীৰ মজাফ্ফৰ আলী শইকীয়া, দীপালী চৌধুৰী, খাইৰুন নেছা, ৰফকুল ইছলাম, বিনোদ চন্দ্ৰ বৈশ্য, গংগা বৰ্মন, টিহু-বৰমাৰ তাৰিণী কান্ত পাঠক, হৰিপদ ডেকা, কল্যাণী দাস, সুৰেশ চন্দ্ৰ মেধি, লংকেশ্বৰ ডেকা, কৰবী বৰ্মন, ইলা বৰ্মন, পশ্চিম নলবাৰীৰ চান মহম্মদ হুচেইন, ৰমজান আলী, জহুৰ আলী, অতুল ভট্ট, অপূৰ্ব তালুকদাৰ, মফিজান বেগম, বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ ছিদ্দিকি আলী, ইছাহক আলী, অনিমা বালা দাস, ৰীনা ভট্টাচাৰ্য, যোগেশ চন্দ্ৰ পাঠক, কনক শৰ্মাৰ লগতে জিলা উপ পৰিদৰ্শক অন্তৰ্গত ইয়াৰ আলীক আজি জিআইএছ আৰু লীভ এনকেছমেণ্টৰ নথি প্ৰদান কৰে। অনুষ্ঠানত বিদায়ী শিক্ষকসকলৰ একাংশই নিজৰ সুদীৰ্ঘ কৰ্মময় জীৱন সোঁৱৰি বক্তব্য প্ৰদান কৰে।সভাত শলাগৰ শৰাই আগবঢ়াই ডি আই ভূপেন্দ্ৰ নাথ শৰ্মাই আগবঢ়ায় ৷