ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছক ডুবালে বিধায়ক ছিদ্দিক আহমেদে। প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন, বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষলৈ পত্ৰ ।

ৰিপুন বৰাৰ ৰাজ্যসভালৈ যাত্ৰা স্তব্ধ কৰিলে কংগ্ৰেছৰ বিধায়কেই। কংগ্ৰেছক প্ৰতাৰণা কৰা বিধায়কৰ প্ৰথমজন পোহৰলৈ আহিছে । কংগ্ৰেছৰ প্ৰথমজন নিশ্চিত হোৱা বিশ্বাসঘাতক বিধায়কজন হ’ল ছিদ্দিক। ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছক প্ৰতাৰণা কৰিলে বিধায়ক ছিদ্দিক আহমেদে।

বৃহস্পতি বাৰে অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত ৰাজ্যসভাৰ নিৰ্বাচনত নিজৰ ভোট বাতিল কৰিলে দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদে ৷ বিৰোধীৰ প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুন বৰাক ভোট দিওতে ইংৰাজী ‘1’ লিখাৰ পৰিৱৰ্তে one লিখে বুলি ধৰা পৰে ৷ লগে লগে কংগ্ৰেছ দলৰ ভিতৰ চ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ তাৎক্ষণিকভাৱে সিধান্ত গ্ৰহণ কৰে কংগ্ৰেছ দলে ৷

কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰাৰ কথা ঘোষণা কৰে APCC ৰ সভাপতি ভূপেন বৰাই ৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সিধান্ত সদৰি কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷

কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাৰ ঘোষণাৰ পিছ মুহূৰ্ত্বতে বিধান সভাৰ অধ্যক্ষলৈ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই পত্ৰ প্ৰেৰণ কৰি ছিদ্দিক আহমেদৰ বিধায়ক পদ তৎকালীনভাৱে খাৰিজ কৰিবৰ বাবে অনুৰোধ জনায় ৷

উল্লেখযোগ্য যে, আজি বিধান সভা চৌহদত ভোটদান চলি থাকোতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুস হাজৰিকা আৰু বিজেপি কেইবাজনো নেতাই কংগ্ৰেছৰ বিধায়কে 1 ৰ ঠাইত one লিখি ভোট বাতিল কৰাৰ কথা সদৰি কৰিছিল ৷ কংগ্ৰেছৰ বাবে এয়া এক নিঃসন্দেহে এক মোক্ষম আঘাত ৷বিধায়ক ছিদ্দিক আহমেদৰ এয়া বিজেপি প্ৰাৰ্থীৰ জয়ৰ বাবে ইচ্ছাকৃত কৰ্ম বুলি চৰ্চিত হৈছে।

Comments (0)
Add Comment