ছিৰাজুদ্দিন আজমল আঠু কাঢ়ি ক্ষমা খুজিবলৈ দাবীঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰিয় কাৰ্যকৰী সভাপতি পাপু দত্তৰ
মই অসমীয়া নকও ৷ অসমীয়া মানুহ কেইটা আছে, কেইটাই অসমীয়া বুজি পায় ? আজমল ইণ্টাৰনেশ্যনেল মানুহ, AIUDF ৰাষ্ট্ৰীয় দল, আমি ইংৰাজীহে ক’মঃ এই মন্তব্য AIUDF ৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ।
এই মন্তব্যৰ বাবে ছিৰাজুদ্দিন আজমলে অসমবাসীৰ ওচৰত ক্ষমা খোজা উচিত। অসমতে থাকিব, অসমতে ব্যৱসায় কৰিব, অসমৰ কেচা সামগ্ৰীৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিব, অসমতে ৰাজনীতি কৰিব আৰু অসমীয়া ভাষাটোক এনেকৈ অপমান কৰিব, এয়া সহ্যৰ বাহিৰত বুলি মন্তব্য প্ৰদান কৰি আজমলক ২৪ ঘণ্টাৰ ভিতৰত আঠু কাঢ়ি ক্ষমা খুজিবলৈ দাবী জনাইছে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰিয় কাৰ্যকৰী সভাপতি পাপু দত্তই।অন্যথা আজমলৰ বিৰুদ্ধে সমগ্ৰ অসমতে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হব।
মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট