অশ্লীল কথোপকথন কৰা বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু অভিভাৱকৰ

ছাত্ৰীক চুমা বিচৰা এগৰাকী প্ৰধান শিক্ষক।এগৰাকী প্ৰধান শিক্ষক আৰু ছাত্ৰীৰ মোবাইলত হোৱা কথোপকথনৰ ক্লীপ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতে বাইহাটা চাৰিআলিৰ মুক্তাপুৰত সৃষ্টি হয় এক উত্তেজনা । বাইহাটা চাৰিআলিৰ মুক্তাপুৰ স্থিত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ ডেকাই হাইস্কুল শেহান্ত পৰীক্ষাত ভাল স্থানত এগৰাকী ছাত্ৰীক চিট দিম বুলি অশ্লীল কথোপকথন কৰিছিল বাচনি পৰীক্ষাৰ পিচৰে পৰা। এই সকলো কথোপকথন ছাত্ৰী গৰাকীৰ মোবাইলত ৰেকৰ্ডিং হৈ আছিল । যিহেতু সন্মুখত পৰীক্ষা সেয়ে ছাত্ৰী গৰাকীয়ে মৌন আছিল যদিও কোনো অজ্ঞাত কাৰনত সকলোবোৰ ৰেকৰ্ডিংসামাজিক মাধ্যমত বহুল ভাবে প্ৰচাৰ হৈ যায় । যাৰ ফল স্বৰূপে জাঙুৰ খাই উঠে অঞ্চল বাসীৰ লগতে দল সংগঠন । বিদ্যালয় খনিৰ সন্মুখত টায়াৰ জ্বলা প্ৰতিবাদ কৰে অঞ্চল বাসীয়ে । পৰেশ ডেকা মুৰ্দাবাদ , পৰেশ ডেকাক বহিস্কাৰ কৰক , পৰেশ ডেকা লেই লেই চেই চে ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চল বাসীয়ে । পূৰ্বেও এনেধৰনৰ অসৎ প্ৰবৃতিত প্ৰধান শিক্ষকগৰাকী লিপ্ত থকাৰ অভিযোগ থকা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে । ইতিমধ্যে ছাত্ৰী গৰাকীৰ অভিভাকে অশ্লীল কথোপকথন কৰা বাবে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ । আনফালে বিভাগীয় কতৃপক্ষইও প্ৰধান শিক্ষক গৰাকীক নিলম্বন কৰিছে ।

Comments (0)
Add Comment