বিজনীত মূল্য বৃদ্ধিৰ প্ৰতিবাদত চি পি আই (এম) ৰ প্ৰতিবাদী কাৰ্য্যসূচী

পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি বিজনীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে চি পি আই(এম)দলে । মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ গুৰুতৰ অভিযোগ তুলি চি পি আই(এম)ৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি বিজনী চহৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি বিজনী ৰাজপথ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী চি পি আই(এম) দলে কয়- অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহ কৰাত সমস্যাৰ সৃষ্টি কৰিছে ৷ পেট্ৰ’ল , ডিজেল, ৰন্ধন গেছ , ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম প্ৰতিনিয়ত বাঢ়ি আছে ৷ তাৰপিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। চি পি আই(এম) দলে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

Comments (0)
Add Comment