ডিব্ৰুগড় জিলা টেলপানি বামুনকুৰীয়া পঞ্চায়তত কৰ্মকাণ্ডত ক্ষোভিত হৈ পৰিছে ৰাইজ
দুলিয়াজান সমষ্টি আৰু লাহোৱাল সমষ্টিৰ সীমামুৰিয়া তেলপানি বামুণকুৰিয়া গাওঁপঞ্চায়তত এটা পথ নিৰ্মাণক লৈ ৰাইজ ক্ষোভিত হৈ পৰিছে ।পূৱাই উক্ত নিৰ্মাণ কায্য চলি ঠকা অৱস্থাত পথচোৱাত উপস্থিত হৈ ক্ষোভ উজাৰি ৰাজে এনেদৰে কয়। অতি ভিতৰোৱা ১০খন গাওঁৰ ৰাইজে উক্ত জৰাজীৰ্ণ পথচোৱাই দি অহা যোৱা কৰোতে বহু দূৰ্ভোগ ভূগিব লগাত পৰিছিল। উক্ত অঞ্চলৰ ৰাইজে বহু আবেদন নিবেদন চৰকাৰৰ ওচৰত কৰিব লগা হৈছিল ।আৰু বহু অপেক্ষাৰ অন্তত উক্ত পথচোৱা নিৰ্মাণ কাৰ্যৰ
বাবে চৰকাৰে আৱন্টন দিয়াত নিশ্বাস পেলাইছিল ৰাইজে। যিহেতু নাহৰণী অয়েলফিল সংযোগি পথ চোৱা পূৰ্বৰ পৰাই অতি জৰাজীৰ্ণ অৱস্থা আছিল।গাওঁৰ ৰাইজে উক্ত পথ চোৱা অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা বুলি দাবী কৰাৰ উপৰিও এনে কাৰ্য কেতিয়াও মানি ল’ব নোৱাৰি বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ।