Daily Time Axom

মাৰ্ঘেৰিটাৰ টেকেৰী ৰাইডাং যুৱক সংঘৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি

0 18

দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং মৌজাৰ টেকেৰী ৰাইডাং যুৱক সংঘৰ ৰূপালী জয়ন্তী সামৰণি পৰে । অনুষ্ঠান উপলক্ষে লিডু কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা মৃদুল দহোটীয়াৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সভাত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূব মণ্ডল আৰু তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে ৰাজনীতিৰ উৰ্ধত সামাজিক স্বাৰ্থক প্ৰথম গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ।

কাৰ্যবাহী সঞ্চালক ফাইজুৰ ৰহমান, সাংবাদিক তপন দে, সাংবাদিক শ্যামল নেওগ, সাংবাদিক প্ৰতীক ছেত্ৰী আদিকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা টেকেৰী ৰাইডাং যুৱক সংঘৰ ন-পুৰণি সতীৰ্থ সন্মিলন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.